ফাগুন – গকুল চৌধুৰী

ফাগুন

গকুল চৌধুৰী,হাকামা

ফাগুন মাথোঁ এটি মাহ নহয়
ফাগুন মাথোঁ এটি নাম নহয়
ফাগুন হ’ল মাঘৰ শেষত আৰম্ভ হোৱা
দেহে মনে শিহৰণ যোগোৱা সময়  ৷
প্ৰকৃতিৰ স্পৰ্শত উদ্‌যাপন হোৱা
ন – ব’হাগ ন – বসন্ত আদৰা উৎসৱ  ৷
ফাগুন হ’ল এজাক পছোৱা বতাহ
ধূলিৰ ধুমুহা , টুপ টুপ বৰষুণ আৰু
উৰি ফুৰা কমোৱা তুলাৰ সমাহাৰ ৷
ফাগুন আৰুনো কি ?
ফাগুন আৰুনো কি ?
ফাগুন হ’ল বন – বননি , অৰণ্যখনি
শুৱাই পলাশ,মদাৰ,শিমলু ফুলা বতৰ ৷
এখিলা শুকান সৰাপাতৰ বিষাদৰ নিনাদ ৷
আকাশত ভ্ৰমি ফুৰা মাদল বজোৱা
এমুঠি কলিয়া মেঘৰ কতকথা ৷
লাজৰ ওৰণি হেৰুৱাই নাঙঠ হোৱা
এজোপা গছৰ দুখৰ হুমুনিয়াহ  ৷
ফাগুন আৰু বহুত কিবা কিবি
ফাগুন আৰু বহুত কিবা কিবি
কবিৰ কলমত সৃষ্টি হোৱা প্ৰেমৰ কবিতা
কৈ লিখি শেষ কৰিব নোৱাৰা গল্প-কাহিনী
প্ৰতিদিনে কাৰোবাৰ ষোড়শী গাভৰু
প্ৰেমিকাৰ বুকুৰ আচল উৰুৱাই বাউলী
পছোৱাজাকে কৰা নিদোৰ্ষ দুষ্টামি ৷
ফাগুন হ’ল অতিত-বৰ্তমানৰ কোনোবা
দুজন প্ৰেমাস্পদৰ মহামিলনৰ বুৰঞ্জী  ৷