লিমাৰিক
ৰুক্মিণী দাস,শ্ৰীহাটী
( ১)
প্ৰকৃত মানুহ হয় কামৰ মাজেৰে
দুষ্ট প্ৰকৃতিৰ লোকে নাচি ফুৰে
প্ৰকৃত হ’বলৈ হ’লে
নম্ৰ,ভদ্ৰ,হব লাগে
জ্ঞানী সকলোৰ কথাত ও মন ভৰে ।।
(২)
ধুনীয়া দেখিলে ই পচন্দ নকৰিবা
স্বভাৱ চৰিত্রৰ প্ৰতি লক্ষ্য কৰিবা
পঢ়া শুনা কেনেকুৱা
মন যদি উতনুৱা
তেনেকুৱা ঘৰত সম্বন্ধ নকৰিবা ।