মহাকাশত অসমে স্থাপন কৰিব নিজা ছেটেলাইট

ৰঙিলী বাৰ্ত্তাসেৱা– মহাকাশত খোজ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে স্থাপন কৰিব এক কৃত্রিম উপগ্রহ। ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰি বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে এই কথা ঘোষণা কৰাৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ এই সিদ্ধান্তৰ কথা সবিশেষ সদৰী কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা- নিজা কৃত্ৰিম উপগ্ৰহ থকা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব অসম। ইয়াৰ জৰিয়তে অসমে তিনি মাহ আগতে বতৰৰ বতৰা লাভ কৰাৰ উপৰি চীন বা অৰুণাচলৰ পৰা নামি আহিব পৰা বানপানীৰো সম্ভেদ লাভ কৰিব। তদুপৰি সীমান্তৰে গোপনে পাৰ হ’ব খোজা অনুপ্ৰৱেশকাৰীকো ধৰা পেলাবলৈ সক্ষম হ’ব এই উপগ্ৰহৰ জৰিয়তে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কর্তৃত্ব প্রদান কেন্দ্ৰ (ইনস্পেচ) ৰ সহযোগত জটিল আর্থ-সামাজিক প্রকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্য সৰবৰাহৰ নিশ্চিত কৰাৰ লক্ষ্যৰে নিজা কৃত্রিম উপগ্রহ ‘আছামছাট’ উৎক্ষেপণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ৰাজ্যত কৃষি, দুর্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা-ব্যৱস্থাপন আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত বিশেষভাবে সহায়ক হ’ব। ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলক নির্মাণ কার্যত জড়িত কৰা হ’ব। আনহাতে, মুখ্যমন্ত্ৰী ড° শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে অসমীয়া চলচ্চিত্র, সাহিত্য, লোকসংগীত, তথ্যচিত্র আদি সংৰক্ষণ কৰিবলৈ নিজাববীয়াকৈ অ’টিটি প্লেটফর্ম গঠন কৰিব। বাজেটত এই সন্দর্ভত বিত্তমন্ত্রী অজন্তা নেওগে ঘোষণা কৰাৰ কথা উল্লেখ কৰি কয় যে কর্ণাটকে ইতিমধ্যে অটিটি প্লেটফৰ্ম গঠনৰ প্ৰস্তুতি চলাইছে। অসমেও নেটফ্লিক্সৰ দৰে এক অটিটি প্লেটফর্ম গঠন কৰিব। এই প্লেটফৰ্মৰ জৰিয়তে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গীতসমূহ, ড° বেজবৰুৱাৰ দৰে জনপ্রিয় ছবি এই সকলোবোৰ এই অ’টিটি প্লেটফৰ্মত সংৰক্ষণ কৰা হ’ব। অসমৰ কলা-সংস্কৃতিক সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠন কৰিব খোজা এই আঁটিটি প্লেটফর্ম কর্ণাটকৰ পূৰ্বেই স্থাপন হ’লে দেশৰ ভিতৰতে আমি প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’ম। মুখ্যমন্ত্ৰীয়ে বাজেটত উল্লেখ কৰা কৃষকৰ ধানৰ ন্যূনতম সমর্থিত মূল্যৰ কথা উল্লেখ কৰি কয় যে ভাৰত চৰকাৰে কৃষকসকলক ন্যূনতম সমর্থিত মূল্য হিচাপে যি পুঁজি দিয়ে তাৰ ওপৰত অতিৰিক্তকৈ অসম চৰকাৰে ২৫০ টকাকৈ আগবঢ়াব। ১ এপ্ৰিলৰ পৰা অসমত ধানৰ ন্যূনতম সমর্থিত মূল্য ২,৫৫০ টকালৈ বৃদ্ধি হ’ব। ২০২১ চনত এই মূল্য ৬০০ টকা আছিল। একেদৰে সৰিয়হৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে অতিৰিক্ত ৫০০ টকা প্রদান কৰিব। ফলত সৰিয়হৰ মূল্য ৬,৪৫০ টকালৈ বৃদ্ধি হ’ব। অদূৰ ভৱিষ্যতে ৰাজ্য চৰকাৰে জিলাসমূহত এছপিঅ’ নির্মাণ কৰা হ’ব। এই কেন্দ্ৰসমূহৰ জৰিয়তে খাটি সৰিয়হৰ তেল প্ৰস্তুত কৰি তেলৰ এক ব্ৰেণ্ড প্রস্তুত কৰা হ’ব। বাজেটৰ আন এক দিশ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বাজেটৰ জৰিয়তে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৬ লাখ লোকক পকী ঘৰ প্ৰদান কৰা হ’ব। এই লক্ষ্যৰে ২০২৫ চনৰ ২৩ মাৰ্চত ৩,৮৮,৩৫৮ গৰাকী নতুন হিতাধিকাৰীক প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত পুঁজিৰ প্ৰথম কিস্তি প্রদান কৰা হ’ব। খাদ্য সুৰক্ষাৰ আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীক ৰাজসাহায্যযুক্ত হাৰত এক কিলোগ্রাম মচুৰ দাইল, এক কিলোগ্রাম চেনি আৰু এক কিলোগ্রাম নিমখ প্রদান কৰা হ’ব। ইয়াৰ বাবে প্রতি কিলোগ্রাম মচুৰ দাইল ২৫ টকাকৈ, চেনি ২০ টকাকৈ আৰু নিমখত ১০ টকাকৈ ৰাজসাহায্য দিয়া হ’ব। সুলভ বিদ্যুতৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে বাজেটত ঘোষণাৰ কথা উল্লেখ কৰি কয় যে উপভোক্তাৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠী প্ৰৱৰ্তন কৰা হ’ব। চলিত বৰ্ষৰ ১ মে’ৰ পৰা নিম্ন আৰু মধ্যবিত্ত উপভোক্তা ইয়াৰ জৰিয়তে লাভান্বিত হ’ব। বিশেষকৈ জীৱনধাৰা আৰু যিসকল গ্রাহকে প্রতি মাহত ১২০ ইউনিট খৰচ কৰে সেই গ্ৰাহকৰ প্ৰতি ইউনিটত এটকাকৈ হ্রাস কৰা হ’ব। হাতী-মানুহৰ সংঘাত সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ ঘোষণা- গজমিত্ৰৰ জৰিয়তে হাতীৰ বাসস্থান উন্নত কৰা, হাতীৰ গতিবিধি প্রতিমুহূর্তত সর্তকতা পাবৰ বাবে কৃত্রিম বুদ্ধিমত্তা, নিৰ্ভৰ কেমেৰা ব্যৱহাৰ কৰা আদিত গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে, বাঁহ-স্মার্ট চিটীৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰথমখন বাঁহ-স্মার্ট চিটীৰ লক্ষ্য লোৱা হৈছে। ভৱিষ্যতৰ চৰকাৰী গৃহ নিৰ্মাণত বাঁহনিৰ্ভৰ সমগ্ৰীৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হ’ব আৰু ইয়াৰ জৰিয়তে সৃষ্টি হ’ব নিযুক্তি আৰু ব্যৱসায়। বাজেট ঘোষণা সন্দৰ্ভত কাজিৰঙাৰ প্ৰসংগত কয় তেওঁ যে কাজিৰঙাত যিমানসমূহ গাড়ী আছে এই গাড়ীসমূহ ইলেক্ট্রনিক কৰা হ’ব। বিপ্লৱ কুমাৰ শৰ্মা কমিটী প্রতিবেদনৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- এপ্রিল মাহৰ পৰা চৰকাৰৰ যিকোনো জাননী অসমীয়া ভাষাত প্রকাশ কৰা হ’ব। ছেপ্টেম্বৰ মাহত বিধানসভাত এখন আইন অনা হ’ব, যাৰ জৰিয়তে অসমৰ কেইবাটাও ৰাজহ খণ্ডত কেৱল খিলঞ্জীয়া লোকেহে মাটি ক্ৰয়ৰ সুবিধা লাভ কৰিব। এইক্ষেত্রত হিন্দুরে মুছলমানক মাটি বিক্ৰী কৰা বা মুছলমানে হিন্দুক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজন হ’ব। ৰাজ্য চৰকাৰে চৰ অঞ্চলৰ মাটি জৰীপ কৰাৰো সিদ্ধান্ত লৈছে। ইয়াৰ ফলত চৰকাৰৰ লেণ্ড বেংক বৃদ্ধি হ’ব। কেঞ্চাৰ চিকিৎসাৰ প্ৰটন থেৰাপী যন্ত্ৰ গুৱাহাটীলৈ অনা হ’ব। ইয়াৰ ফলত লাভৱান হ’ব বহু ৰোগী। চৰকাৰৰ উদ্যোগত স্থাপন কৰিবলগা এই প্ৰটন থেৰাপী যন্ত্ৰ দেশৰ ভিতৰতে প্রথম হ’ব। আনহাতে, এই বাজেটৰ জৰিয়তে ভৱিষ্যতৰ এক কল্পনা প্রস্তুত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ৰাজ্যখনে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত নেতৃত্ব ল’ব পৰাকৈ এই বাজেটখন প্রস্তুত কৰা হৈছে। ইয়াৰ বাবে বিত্তমন্ত্ৰীগৰাকী ধন্যবাদৰ পাত্ৰ। এই বাজেটত কোনো নতুন কৰ নাই। চাহপাতৰ কেঁচাপাতৰ ওপৰত যি কৰ আৰোপ কৰা হয়, সেয়াও দুবছৰৰ বাবে ৰেহাই দিয়া হৈছে। তদুপৰি মাহত ১৫ হাজাৰ টকালৈকে উপাৰ্জন কৰা ব্যক্তিক প্ৰফেছনেল টেক্সৰ পৰা ৰেহাই দিয়া হৈছে। প্রাদেশিকীকৰণৰ ফলত শিক্ষক-কর্মচাৰীৰ দৰমহা বৃদ্ধি, গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি, আশা-অংগনৱাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি, বাণীকান্ত কাকতি লিটাৰেচী কম্পিউটাৰ আঁচনিত কাম কৰা শিক্ষকৰো দৰমহা বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকলে সম্মুখীন হৈ অহা বহু সমস্যা এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ প্রচেষ্টা চলোৱা হৈছে। এক নতুন সপোনৰ লক্ষ্যৰে এখন শক্তিশালী বাজেট আগবঢ়োৱা হৈছে। আনকি নিৰ্বাচনৰ বতৰতো চৰকাৰখনে যাতে লক্ষ্যৰ পৰা বিচলিত নহয়, সেই লক্ষ্যৰে এই বাজেট প্রস্তুত কৰা হৈছে।