মহানগৰীৰ চছলত ব’হাগী উৎসৱ উপলক্ষ্যে বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা
সদৌ অসম ভিত্তিত বৰ বিহুৱতী, বিহু হুঁচৰি, সৰুবিহুৱতী, বোৱাৰী বিহু আৰু সাজপাৰ প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ চছলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু ৰঙালী, কঙালী আৰু ভোগালী সমান্তৰালভাৱে উদযাপন কৰি আহিছে। পচিশ বৰ্ষত ভৰি দিয়া বিহু সম্মিলনে অহা ১ ব’হাগ (১৫ এপ্ৰিল) , ৪ ব’হাগ (১৮ এপ্ৰিল’) ৫ বহাগ(১৯ এপ্ৰিল) আৰু ৬ বহাগ (২০ এপ্ৰিল) চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ হৰেশ্বৰ ডেকাক সভাপতি, ডাঃ বুধিন শইকীয়াক কাৰ্যকৰী সভাপতি, নৱ কুমাৰ মুদৈক সাধাৰণ সম্পাদক , ডঃ নৱ নাহৰডেকাক কোষাধ্যক্ষ, প্ৰশান্ত শইকীয়া আৰু নৱনীতা বৰদলৈক সম্পাদক হিচাপে লৈ ১০১ জনীয়া এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। আজি বিহু উৎসৱৰ চাৰি দিনীয়া বিস্তৃত কৰ্মসূচীৰ সমন্বিত ʼকায্যসূচী তথা নিমন্ত্ৰণী পত্ৰখন শতাধিক ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। অহা ২৩ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ সাত দিনীয়া এক বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হ’ব। এই কৰ্মশালাত বিহু বিশেষজ্ঞ তথা প্ৰশিক্ষক নুৰ আলীৰ নেতৃত্বত এটি বিহু নাচ আৰু ঢোলৰ বিশেষজ্ঞ প্ৰশিক্ষক দলে প্ৰশিক্ষণ প্ৰদান কৰিব। আগন্তুক বহাগী উৎসৱৰ কাৰ্য্যসূচীৰ অংশ হিচাপে স্থানীয় বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, পৰম্পৰাগত খেল-ধেমালী, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ প্ৰতিযোগিতা , একক আৰু দলীয় শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, পিঠা-পনা, সাজপাৰ, সৰু বিহুৱতী,বৰ বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিহু হুঁচৰি প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগী দলক ৩৫,০০১ হাজাৰ আৰু ২৫,০০১ হাজাৰ টকা, আৰু ১৫০০১ হাজাৰ টকা, বৰ বিহুৱতী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ২৫,০০১ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ২০,০০১ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ১০,০০১ হাজাৰ টকা সৰু বিহুৱতী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ১০,০০১ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৭,০০১ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০১ হাজাৰ টকা লগতে লগতে পিঠা-পনা,সাজপাৰ, বোৱাৰী বিহু ,একক আৰু দলীয় লোকনৃত্য, চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ আদি সকলো প্ৰতিযোগিতাতে নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব ৷ বিহু উপলক্ষে এখনি স্মৃতিগ্ৰন্থ ‘ ব’হাগী ‘ প্ৰকাশ কৰা হ’ব । সাংস্কৃতিক অনুষ্ঠানত দেশ-বিদেশত সমাদৃত পৰিবেশ্য কলাৰ প্ৰতিষ্ঠান সুত্ৰধাৰ নগাঁৱৰ মনোমোহা নৃত্যানুষ্ঠান, জনপ্ৰিয় কন্ঠশিল্পী বিপিণ ঢাউদাং আৰু প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান লগতে অসমৰ কৃষ্টি-সংস্কৃতি সমৃদ্ধ সাংস্কৃতিক শোভাযাত্ৰা, বাৰে বৰণীয়া নৃত্যানুষ্ঠানেৰে মুখৰিত হ’ব বুলি সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে । সমূহ আকৰ্ষণীয় কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে বিহু সন্মিলনৰ সাধাৰণ সম্পাদক নৱ কুমাৰ মুদৈয়ে প্ৰতিযোগী তথা ৰাইজৰ সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে। প্ৰতিযোগীসকলে আগতীয়া যোগাযোগৰ বাবে ৯৪৩৫৩৪৮৫৩৬, ৮৬৩৮১৪৮৫৬১ আৰু ৯৯৪৩৬ ৯৫৪০৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ৷