স্বাধীনতাৰ পিছত খিলঞ্জীয়া জনজাতীয় লোকসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ স্বাৰ্থত এক সুকীয়া বিভাগ স্থাপন কৰা ব্যক্তিজনে হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা – ডাঃ ৰণোজ পেগু
খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত জনজাতীয় উপাসনাস্থলীসমূহলৈ সাহায্য মঞ্জুৰি বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিভাগীয় মন্ত্ৰী শ্ৰীযোগেন মহনৰ উপস্থিতিত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত ৰাজ্যখনৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ অগ্ৰণী অনুষ্ঠান আৰু উপাসনাস্থলীৰ সামগ্রিক উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই অনুষ্ঠানত ২০২৪-২৫ বিত্তীয় বর্ষত সদৌ বাথৌ মহাসভাৰ উদ্যোগত গুৱাহাটীৰ গড়চুকত নির্মীয়মাণ সাংস্কৃতিক আৰু ঐতিহ্য কেন্দ্ৰৰ বাবে ৫ কোটি টকা, ত্রিবার্ষিক অধিৱেশনৰ বাবে ৫০ লাখ টকা, সদৌ অসম ব্রহ্ম ধৰ্ম পৰিচালনা সমিতিসহ অন্য ৫টা জনজাতীয় অনুষ্ঠানলৈ ২য় কিস্তিৰ ১০ লাখ টকাকৈ , ৩৬খন বিভিন্ন খিলঞ্জীয়া জনজাতিৰ উপাসনাস্থলীলৈ ২য় কিস্তিৰ ৫ লাখ টকাকৈ, ১০০খন বাথৌ থানশালি আৰু ৯৮টা ব্ৰহ্ম মন্দিৰলৈ ৫ লাখ টকাকৈ সাহায্য মঞ্জুৰিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই ধনৰাশি ইতিমধ্যে জিলা আযুক্ত কার্যালয়ৰ বেংক একাউন্টলৈ হস্তান্তৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত অনুষ্ঠানৰ মুখ্য অতিথি তথা শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে- বিশ্বাসে মিলাই হৰি। যিহেতু আমাৰ বিশ্বাসে আমাৰ পৰিচয় সেয়েহে আমি আমাৰ খিলঞ্জীয়া জনজাতি লোকসকলৰ বিশ্বাস আৰু উপাসনাস্থলীসমূহৰ উন্নয়ন বাবে সংকল্পবদ্ধ । তেওঁ আৰু কয় যে আমাৰ প্ৰতিটো জনজাতিৰ এক সুকীয়া ইতিহাস আছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত আমি আমাৰ স্বকীয় পৰিচয় শক্তিশালী কৰি ইয়াক এক জন-আন্দোলনলৈ পৰ্যবসিত কৰিব লাগিব । আজিৰ এই অনুষ্ঠানত উক্ত বিভাগৰ বিশেষ আযুক্ত সচিব ৰঞ্জন শৰ্মা, সচিব মানস নাথ আৰু সঞ্চালক অনুপম চৌধুৰী উপস্থিতি থাকে। ইয়াৰ উপৰি আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জনতা ভৱনস্থিত কার্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২গৰাকীকৈ সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰুৱজোতি বৰা উপস্থিতি থাকে৷