কান্দুপুৰ-বামুনপাৰাত শ্ৰীশ্ৰীবংশী গোপাল নামঘৰৰ নৱনিৰ্মিত নামঘৰ মুকলি উৎসৱ

কান্দুপুৰ-বামুনপাৰাত শ্ৰীশ্ৰীবংশী গোপাল নামঘৰৰ নৱনিৰ্মিত নামঘৰ মুকলি উৎসৱ

শৈলেন কুমাৰ,মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা-  পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ১৮৫৩ বৰ্ষত স্থাপিত কান্দুপুৰ বামুনপাৰা, বুদুপাৰা আৰু কমাৰপাৰা ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰীবংশী গোপাল নামঘৰৰ নৱনিৰ্মিত নামঘৰ মুকলি উৎসৱটি আজি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা ধৰ্মধজ্জা উত্তোলন কৰে সোণাৰাম দাসে। গছপুলি ৰোপণ কৰে ভূপেন দাস আৰু ভদ্ৰেশ্বৰ দাসে। পিচত আয়তীসকলৰ দ্বাৰা জলাৰোহন কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। বংশী গোপালৰ বিগ্ৰহলৈ ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে এই ৰাইজ গয়ৰহৰ সভাপতি চন্দ্ৰধৰ দাসে,পুনৰ নিৰ্মিত দেৱগৃহৰ দ্বাৰ মুকলি কৰে নৰেন দাসে,নৱনিৰ্মিত মণিকূটৰ দ্বাৰ মুকলি কৰে নৰেশ্বৰ শৰ্মাই,হোমযজ্ঞ আৰম্ভ কৰে আনন্দ দেৱ শৰ্মা আৰু মহেন্দ্ৰ চৌধুৰীয়ে। বিয়লি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। এই সভা সঞ্চালনা কৰে মাণিক চন্দ্ৰ শৰ্মাই।সভাত নিৰ্দিষ্ট বক্তা হিচাপে দক্ষিণ কামৰূপ সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ত ভাষণ প্ৰদান কৰে। তেওঁ নামঘৰৰ গুৰত্বপূৰ্ণ দিশৰ বিষয়েও কয়। বিশিষ্ট অতিথি হিচাপে দক্ষিণ কোল আঞ্চলিক সত্ৰ মহাসভাৰ সম্পাদক কিৰণ কলিতাই অংশগ্ৰহণ কৰি নামঘৰৰ জনজীৱনৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। সন্ধিয়া ধৰ্মধ্বজা অৱনমিত কৰা হয়। ইয়াৰ পিচত কেইবাজনো বিশিষ্ট লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। মঞ্চ মুকলি কৰে অনন্ত ৰাম দাসে। পিচত জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ চৌতালী নামৰীয়া দল আৰু ছয়গাঁও বালিগাঁৱৰ শ্ৰীশ্ৰীবংশী গোপাল বাৰোৱাৰী নামৰীয়া দলৰ নাম পৰিৱেশন কৰা হয়। পাঠক হিচাপে থাকে কিশোৰ কলিতা আৰু জগদীশ কলিতাই। এই অনুষ্ঠানতে এই ৰাইজ গয়ৰহৰ সভাপতি চন্দ্ৰধৰ দাস,কাৰ্যকৰী সভাপতি নৰেশ্বৰ শৰ্মা,সম্পাদক বাসুদেৱ শৰ্মা,কাৰ্যকৰী সম্পাদক কবীন্দ্ৰ দাস(টুটু),পলাশবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গজেন চন্দ্ৰ দাসকে ধৰি অঞ্চলটোৰ বিভিন্ন লোক,পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।