ফাগুনী প্ৰেম – কৃষানু বৰ্মন

ফাগুনী প্ৰেম
কৃষানু বৰ্মন,বেলশৰ(নলবাৰী)
ফাগুনৰ বতাহজাকে
নিচেই নুমালীয়া সপোন বোনে,
তুমি আহি ধেমালি মাৰি
মনবোৰ ৰঙীন কৰে।
শিমলুৰ ৰঙে জ্বলাই তোলে
বুকুৰ গোপন আকাশ,
তোমাৰ হাঁহিৰ জেউতি পাই
হিয়াৰ শূন্যতা নাশ।
ঢলপোৱালী ফাগুন ৰাতি
তোমাৰ চকু দুটা ধৰে,
প্ৰেমৰ ৰঙে নিতৌ ৰাঙি
মোৰ হৃদয়ত পৰে।
ফাগুন আহে, ফাগুন যায়,
প্ৰেমৰ সুৰ বয়ে যায়,
তুমি থোৱা দুচকুত সপোন,
বসন্ত সদায় উজাগৰ হয়।