এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনে সমৃদ্ধিশালী অসমৰ বহু দুৱাৰ মুকলি কৰিব

এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনে সমৃদ্ধিশালী অসমৰ বহু দুৱাৰ মুকলি কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সামগ্রিক উন্নয়নক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা বৃহৎ বিনিয়োগ সন্মিলন “এডভান্টেজ আছাম ২.০” ৰাজ্যৰ উদ্যোগ, শিক্ষা, স্বাস্থ্য, পর্যটন, তথ্য-প্রযুক্তি আদি বিভিন্ন ক্ষেত্ৰৰ বাবে বহুমুখী বিকাশ যাত্ৰাৰ অংশস্বৰূপ। বিনিয়োগৰ জৰিয়তে সংশ্লিষ্ট সকলো খণ্ডসমূহক এক নতুন গতি দিয়াৰ লগতে সৱলীকৰণ কৰিব। মাননীয় প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৰিমাময় উপস্থিতি আৰু শুভ উদ্বোধনীৰে আৰম্ভ হ’বলগীয়া এই বিনিয়োগ সম্মিলনত ইতিমধ্যে জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ভূটান আদিৰ লগতে আন ৰাষ্ট্ৰ তথা ণস্বদেশৰ উদ্যোগীসকলে অংশগ্রহণ কৰিব। ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ, বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী, টাটা গ্রুপৰ এন চন্দ্ৰশেখৰণ, জে এণ্ড ডব্লিউ গ্ৰুপৰ পৰিচালন সঞ্চালক সজ্জন জিণ্ডালৰ লগতে মাননীয় কেন্দ্রীয় মন্ত্রীসকল ক্রমে নীতিন গাডকাৰী, মাননীয়া নির্মলা সীতাৰমণ, মাননীয় এছ জয়শংকৰ, মাননীয় সৰ্বানন্দ সোণোৱাল, মাননীয় পীযূষ গোবেল, মাননীয় অশ্বিনী বৈষ্ণৱ, মাননীয় হৰদ্বীপ সিং পুৰী, মাননীয় জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মাননীয় পবিত্র মাৰ্ঘেৰিটা ডাঙৰীয়াৰ উপস্থিতি তথা ভবিষ্যদর্শী পৰিকল্পনাই এখন গতিময় বিকশিত অসমক বাস্তৱৰূপ দিব বুলি আমাৰ দৃঢ় বিশ্বাস। এই ঐতিহাসিক অনুষ্ঠানে বিনিয়োগৰ বৈশ্বিক ক্ষেত্ৰখনলৈও যোগাত্মক বার্তা কঢ়িয়াই আনিব।অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে অনুষ্ঠিত হবলগীয়া এই বিনিয়োগ সন্মিলনে দেশ-বিদেশৰ বৃহৎ উদ্যোগপতিৰ লগতে স্থানীয় উদ্যোগীৰ বাবে এক উজ্জ্বল সুযোগ সৃষ্টি কৰাৰ লগতে, ৰাজ্যৰ উদ্যোগ তথা বাণিজ্যক্ষেত্রখনলৈ অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।উত্তৰ-পূব ভাৰতৰ এই বৃহৎ বিনিয়োগ সম্মিলন সাফল্যমণ্ডিত কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই দিনেনিশাই দেশ-বিদেশৰ বিনিয়োগকাৰী সকলৰ সৈতে মত বিনিময় কৰি তেখেত সকলৰ উপস্থিতি সুনিশ্চিত কৰিছে। জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, মালয়েছিয়া আদি বিদেশৰ উদ্যোগপতি আৰু সেই ৰাষ্ট্ৰৰ ৰাষ্ট্রদূতসকলৰ সৈতে আলোচনাত মিলিত হৈছে। দেশ-বিদেশৰ লগতে দেশৰ প্ৰভাৱশালী উদ্যোগপতিসকলেও বিনিয়োগৰ বাবেও ইচ্ছা প্রকাশ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই বিদেশত গৈ এই বিনিয়োগ সন্মিলনৰ বাবে প্ৰচাৰ, ৰোড শ্ব’ আৰু মত বিনিময় কৰিছে। অসম চৰকাৰৰ অন্যান্য মন্ত্রীসকলেও ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী সকলৰ সৈতে মত বিনিময় কৰি এই সন্মিলনলৈ নিমন্ত্রণ জনাইছে।এডভান্টেজ আছাম ২.০ব মূল লক্ষ্য হৈছে ৰাজ্যখনৰ উদ্যোগিক পৰিকাঠামো সুদৃঢ় কৰি বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰা। অসমৰ সমৃদ্ধ খনিজ সম্পদ, মানব সম্পদ আৰু অনুকূল পৰিৱেশে বিনিয়োগৰ ক্ষেত্ৰত এক অনন্য সুবিধা প্রদান কৰিব। বিশেষকৈ, অটোমোবাইল, কৃষি, টেক্সটাইল, হেণ্ডলুম, পর্যটন আৰু বায়োটেকনোলজিৰ দৰে ক্ষেত্ৰসমূহত বহুল বিনিয়োগৰ সম্ভাৱনা আছে। অসমৰ শিক্ষাৰ ক্ষেত্ৰখনতো এই সম্মিলন বিশেষ সহায়ক হ’ব। তথ্য-প্রযুক্তি, কৃত্রিম বুদ্ধিমত্তা আৰু দক্ষতা ভিত্তিক শিক্ষাৰ বিকাশৰ বাবে আগন্তুক বিনিয়োগে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু যুব শক্তিৰ বাবে এক বৃহৎ লাভজনক সুযোগ সৃষ্টি কৰাৰ লগতে ব্যাপক নিয়োগ সৃষ্টিৰ সম্ভাৱনাক আদৰি আনিব। একেদৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত উন্নত চিকিৎসা সেবা, আধুনিক চিকিৎসালয় স্থাপনৰ বাবেও বিনিয়োগ নিশ্চিত হোৱাৰ সম্ভাবনা আছে।এডভান্টেজ আছাম ২.০ অকল বৃহৎ উদ্যোগপতিসকলৰ বাবেই নহয়, অসম চৰকাৰে থলুৱা তথা পৰম্পৰাগত উদ্যোগক্ষেত্ৰ আৰু ক্ষুদ্র-লঘু-মধ্যম (MSME) উদ্যোগৰ বাবেও সমান সুযোগৰ সৃষ্টি কৰিব বুলি আমি আশাবাদী। বিশেষকৈ, ৰাজ্যৰ ঐতিহ্যবাহী হস্তশিল্প, পৰম্পৰাগত খাদ্য প্ৰকৰণ আৰু স্থানীয় উদ্ভাবনীমূলক উদ্যোগসমূহক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে চৰকাৰে এই সন্মিলনৰ জৰিয়তে বিনিয়োগক উৎসাহ যোগাব।অসমৰ বিকাশৰ নতুন অধ্যায়- “Act East, Act Fast, Act Fisrt” নীতিৰে মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিনিয়োগ সন্মিলনক সম্মুখৰ পৰা নেতৃত্ব দি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ পাঁচখন শ্রেষ্ঠ বিকশিত ৰাজ্যৰ ভিতৰত অসমক অন্যতম এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প এই বিনিয়োগ সম্মিলনে নিশ্চিত ভাৱে আগবঢ়াই নিব বুলি বিজেপি, অসম প্ৰদেশৰ মুখপাত্র শ্রী সুৰঞ্জন দত্তই বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্রী দিলীপ শইকীয়াই এনেদৰে মত পোষণ কৰে।