পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ – অনামিকা (সংগীতা)কলিতা

পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

আমাৰ পৃথিৱীখন পঞ্চভূত দ্ৰব্যৰ দ্বাৰা গঠিত । যেনে-বায়ু ,মাটি ,জল ,অগ্নি,আকাশ এই সকলোবোৰ পঞ্চতত্ত্ব অবাঞ্চিত দ্ৰব্য প্লাষ্টিক আদি কিছুমান বস্তুৰ দ্বাৰ দূষিত হৈ জীৱকুলৰ লগতে পৃথিৱীৰ গছ-বিৰিখ সকলোলৈকে ভাবুকি কঢ়িয়াই অনিছে।

এই প্ৰদূষণ পৃথিৱীৰ পশু-পক্ষীৰ বা উদ্ভিদে সৃষ্টি কৰা নাই আমাৰ মানুহৰ দ্বাৰা সৃষ্টি । গছ-গছনিবোৰ কাটি নিজৰ লাভৰ বাবে কল -কাৰখানা তৈয়াৰী  কৰিছে আমাৰ মানৱ জাতিয়ে ।তাৰ পৰা নিৰ্গত হোৱা  ধোঁৱাই  বায়ুমণ্ডল  দূষিত কৰি পেলাইছে । প্লাষ্টিক বস্তুবোৰ  ব্যৱহাৰ তাক য’তে ত’তে পেলাই থৈ জীৱ-জন্তুবোৰৰ মৃত্যুৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে ,খোৱা পানী জান -জুৰিবোৰ দূষিত হৈছে ।পৃথিৱীৰ খোৱা পানীৰ মাত্ৰ ৩শতাংশ উপযোগী, তাকো মানৱ জাতিৰ দ্বাৰা দূষিত হয়।

যিমানে আমি উন্নতিৰ ফালে গতি কৰিছো ,গ্লৱেলাইজেছন ধ্বংস মুখত আগবাঢ়ি গৈ আছে । বৰ্তমান সমাজতো ইয়াৰ প্ৰভাৱ পৰিছে ।কৰ’ণাকে এটা সৰু ভাইৰাছ মানুহেই সৃষ্টি কৰি, পৃথিৱী তথা সমাজ ধ্বংস গ্ৰাহত পৰিছিল ।আমাৰ অসমৰ বাঘজানৰ অগ্নিকাণ্ডৰ ফলত গছ গছনি ধ্বংশগ্ৰস্ত হোৱাৰ লগতে জীৱ কুলৰ যি আলাই আথানি হ’ল,সেয়া আমাৰ জীৱ শ্ৰেষ্ঠ মানৱৰ অৱদান।

গতিকে যদি এই পঞ্চতত্ত্ব আমি প্ৰদূষণ মুক্ত কৰি ৰাখিব লাগে,তেতিয়া সমাজ তথা ধৰা খন সুন্দৰ হৈ থাকিব ।

প্ৰতিকাৰৰ উপায়-

১/ বৃক্ষ ৰোপন আৰু  সেই বৃক্ষ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিব লাগে ।
২/ঘৰৰ ওচৰৰ পাজৰৰ নলা -নৰ্দমা আদি চাফ-চিকুনাই ৰাখিব লাগে ।
৩/ৰাজহুৱা ঠাই আদিত যতে ততে থু -খেকাৰ পেলাব নালাগে ।চাফ চিকুনাই ৰখা আমাৰে দায়িত্ব।
৪/দাছবিন ব্যৱহাৰ কৰিব লাগে ।
৫/পানী জমা  হ’ব দিব নালাগে। মহে কণী পাৰি বংশ বৃদ্ধি কৰে।
৬/ব্লেচিং/ডি ডি টি আদি প্ৰয়োগ কৰি পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে।
৭/বৰষুণৰ পানী এশ শতাংশই বিশুদ্ধ, ইয়াৰ ভালদৰে সংৰক্ষণ কৰিব পাৰিলে ,জীৱ কুলৰ উপকাৰ হ’ব।
সেই কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৩চনত ৫জুনৰ পৰা  বিশ্ব পৰিবেশ দিবস পালন কৰাৰ সিদ্ধান্ত লৈছিল ।বৰ্তমান  গোটেই বিশ্বই পালন কৰে।