লিমাৰিক – ৰুক্মিণী দাস

লিমাৰিক

ৰুক্মিণী দাস,শ্ৰীহাটী

(১)

জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী পৰে
কিয় জানো তোমালৈ মোৰ মনত পৰে
মাহৰ পিছত মাহ
কিমান তোমাৰ সাহ
ফেব্ৰুৱাৰী মাহত বেছিকৈ ঠাণ্ডা পৰে ।।

(২)

মেকুৰীয়ে মেওঁ মেওঁ কৰি গ’ল গুচি
টেবুলত সজাই থৈছিলো লুচি ভাজি
শেষ কৰি খাই গ’ল
প্লেট খন শুদা হ’ল
মাজনী কিন্তু নোখোৱাকৈ গ’ল গৈ গুচি ।।