লিমাৰিক – ৰীমা গায়ন বৰা

লিমাৰিক

ৰীমা গায়ন বৰা

১)

প্ৰতিবেশীৰ ঘৰত মাংস ৰান্ধিছে
গোন্ধত চুবুৰীয়াৰ লোভহে লাগিছে,
লাগে লাজ খুজিবলৈ
কিনিয়ে আনো খাবলৈ
খাই লৈহে মনটোৱে শান্তনা লভিছে ।

২)

কিনা মাংস খাই গোলমাল পেটৰ
দোকানত বা সাঁচি থোৱা কেইদিনৰ ,
লোভত মৰিলো খাই
ৰক্ষাই নাপালোঁ ভাই
গৈয়ে আছোঁ ক’ত বাৰ বাহিৰ ভিতৰ ।