লিমাৰিক
ৰশ্মি গগৈ,টেঙাখাত( ডিব্ৰুগড়)
(১)
ফাগুন আহিল পচোৱাক লগত লৈ,
বাট-পথ ধূলিৰে ভৰিল পদূলিলৈ,
শুকান পাতৰ শব্দ
চোতালত পাত জব্দ
চোতাল সাৰি সাৰি পেলাওঁগৈ গাঁতলৈ।
(2)
মনৰ মাজত নতুন ভাৱৰ সৃষ্টি
আহিব যেন শিল বৰষুণৰ বৃষ্টি
শিলবোৰ বুটলিম,
জুইয়ে পুৰাত দিম,
পৰীক্ষা ভাল হ’লে তাই খুৱাব মিষ্টি।