দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰেখা গুপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে ৰেখা গুপ্তাই । ঐতিহাসিক ৰামলীলা ময়দানত ২৭বছৰৰ মূৰকত বিজেপি চৰকাৰে ল’লে শপত। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা কেন্দ্ৰীয় কেবিনেটৰ সদস্য, এনডিএৰ সহযোগী দলৰ মুৰব্বী, বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রী আৰু দুই শতাধিক সাংসদৰ উপস্থিতিত  দিল্লীৰ চতুৰ্থগৰাকী মহিলা হিচাপে মুখ্যমন্ত্ৰীৰ শপত লয় ৰেখা গুপ্তাই। সুষমা স্বৰাজ, শীলা দীক্ষিত, অতিশীৰ পাছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা।উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰেখা গুপ্তাক শপত আৰু গোপনীয়তাৰ বাক্য পাঠ কৰোৱায় । ৰেখা গুপ্তাক মুখ্যমন্ত্ৰীৰ শপতবাক্য পাঠ কৰোৱাৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতা পাৰভেশ সিং বার্মাসহ ৬ বিধায়কক কেবিনেট মন্ত্ৰীৰ শপতবাক্য পাঠ কৰোৱায়। কেবিনেট মন্ত্রী হিচাপে শপত লোৱা আন ৫ বিধায়ক হৈছে- প্রাক্তন আপৰ নেতা কপিল মিশ্র, মজিন্দৰ ছিৰছা, আশিস সুদ, পংকজ কুমাৰ সিং আৰু ৰবীন্দ্ৰৰ ইন্দজ সিং। ইপিনে বিজেপিৰ প্ৰাক্তন বিৰোধী দলপতি বিজেন্দ্ৰৰ গুপ্তাক দিল্লী বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে নির্বাচিত কৰিছে। ২৭ বছৰৰ মূৰকত দিল্লীত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সাংবাদিকৰ আগত কয় যে সম্পূর্ণ সততা, সংহতি আৰু উৎসর্গাৰে প্ৰতিগৰাকী দিল্লীবাসীৰ কল্যাণ, সবলীকৰণ আৰু বিকাশত গুৰুত্ব দিয়া হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ শীর্ষ নেতৃত্বই তেওঁৰ ওপৰত আস্থা ৰাখি দিয়া দায়িত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই শপতগ্রহণ অনুষ্ঠানত অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুও উপস্থিত থাকে।