বিধানসভাত বিৰোধীয়ে ঋণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয়, কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰেঃ মন্ত্রী পীযূষ হাজৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাত বিৰোধীয়ে ঋণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয়, কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে। বিধানসভাৰ বাহিৰত বিৰোধীয়ে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লৈ অসম ধ্বংস কৰিলে বুলি আস্ফালন কৰে। এই মন্তব্য মন্ত্রী পীযূষ হাজৰিকাৰ। বুধবাৰে বিধানসভাত বিধায়ক অখিল গগৈ আৰু নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্রী পীযূষ হাজৰিকাই এইদৰে মন্তব্য কৰে। মন্ত্রী পীযূষ হাজৰিকাই অখিল গগৈক ঋণ সম্পৰ্কত ৰাইজক বিপথে পৰিচালিত নকৰিবলৈও আহ্বান জনায়। আনকি দৰিকাৰ কাৰণে যদি বিৰোধীয়ে ঋণ ল’ব দিয়ে তেন্তে সেই কামো মন্ত্ৰীগৰাকীয়ে কৰি দিব বুলি কয়। উল্লেখ্য যে বুধবাৰে বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ব্রহ্মপুত্র, দিখৌ, দিচাং, দৰিকা আৰু জাঁজী নদীৰ বান সমস্যা সন্দর্ভত প্রশ্ন উত্থাপন কৰে। বিধায়কজনে জিলাখনৰ কেইবাটাও সমস্যা জলসম্পদ বিভাগে সমাধান কৰি দিয়াৰ কথাও সদনত উল্লেখ কৰে। বিধায়কজনে সমষ্টিটোত আমগুৰিলৈকে ২৬ কিলোমিটাৰ মথাউৰিৰ ১১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলতপৰা বুলি উল্লেখ কৰে। বিধায়কজনে ইয়াৰ কাৰণে এছিয়ান ডেভেলপমেন্ট বেংক তথা বিশ্ব বেংকৰ এটা প্রজেক্ট দাখিল কৰি থোৱা আছে বুলি উল্লেখ কৰি এই প্রজেক্ট যদি হৈ নুঠে, তেন্তে শিৱসাগৰখন বানপানীৰ কবলত পৰিব বুলি কয়। এই প্রজেক্টটো বর্তমান কি পর্যায়ত আছে সেই সন্দর্ভত বিধায়ক অখিল গগৈয়ে মন্ত্রী পীযূষ হাজৰিকাৰ পৰা জানিবলৈ বিচাৰে। মন্ত্রী পীযূষ হাজৰিকাই সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে সদনত আজি ভূতৰ মুখত ৰাম নাম হৈছে। সদস্যগৰাকীয়ে প্রত্যেক দিনাই সংবাদ মেলেই হওক বা ছ’চিয়েল মিডিয়াতেই হওক প্রকাশ কৰে যে চৰকাৰখনে ঋণ লৈ অসমখন ধ্বংস কৰিলে। কিন্তু তেওঁ আজি ঋণ ল’বলৈ পৰামৰ্শ দিলে। তেওঁক এডিবিৰ পইচা লাগে। এছিয়ান ডেভেলপমেণ্টৰ টকাৰে তেওঁৰ সমষ্টিত উন্নয়ন লাগে, গতিকে তেওঁ আমাৰ ঋণ লোৱাৰ যি প্ৰক্ৰিয়া তাক ন্যাৰ্যতা প্রদান কৰিলে। ঋণৰ কথাত বিধায়ক অখিল গগৈয়ে ন্যাৰ্যতা প্রদান কৰাৰ বাবে মন্ত্রী পীযূষ হাজৰিকাই তেওঁক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ পৰা এই ঋণৰ বিষয়ত বিধায়কজনে মানুহক যাতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰে তাৰ বাবে বিধায়ক অখিল গগৈক বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে মন্ত্ৰী পীযূষ হাজৰিকাই অনুৰোধ জনায়।মন্ত্ৰী পীযুষ হাজৰীকাই বিধায়কজনৰ সমষ্টিত যথেষ্ট কাম কৰাৰ কথা উল্লেখ কৰে৷ যাৰ বাবে অখিল গগৈয় মন্ত্ৰীগৰাকীক ধন্যবাদ দিয়া বুলিও কয়৷ আজিৰ সদনত মন্ত্রী পীযূষ হাজৰিকায়ো বিধায়কগৰাকীক প্রতি ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী পীযূষ হাজৰিকাই শিৱসাগৰ সমষ্টিত এডিবিত প্রথম পর্যায়ত ৩৪৮ কোটি টকাৰ কাম কৰিবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে। অহা ডিচেম্বৰ মাহৰ ভিতৰত সেইখিনি কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলি কয়। আনহাতে, এডিবিৰ দ্বিতীয় পৰ্যায়ৰ যাতে কাম কৰিব পাৰে, তাৰ বাবে প্রত্যেক ১৫ দিনৰ পাছত ফ্ৰেমাৰ অফিচত বৈঠক অনুষ্ঠিত কৰাৰ বিষয়েও জানিবলৈ দিয়ে। মন্ত্রী পীযূষ হাজৰিকাই কয় যে যিমানকেইখন জিলাত এডিবিৰ কাম চলি আছে তাৰ অভিযন্তা, ঠিকাদাৰৰ সৈতে বৈঠক কৰে। এডিবিৰ ৬৫০ কোটি টকা যদি আমি এই বছৰ কৰিব পাৰোঁ, তেতিয়া আমি দ্বিতীয় ফেজৰ টকা পাম। দ্বিতীয় ফেজত এডিবি আৰু বিশ্ব বেংকৰ প্ৰায় ২ হাজাৰৰ পৰা ২,১০০ কোটি টকাৰ কাম অহা বিত্তীয় বর্ষত কৰিবলৈ সক্ষম হ’ম। সেয়ে আমি অতি তৎপৰতাৰে ১৫ দিনৰ পিছে পিছে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰোঁ। এডিবি-বিশ্ব বেংকৰ ইছ্যুটো হ’ল যে অৰ্ডাৰ দিলে নহ’ব। ঠিকাদাৰে পেমেন্ট পাব লাগিব। তেতিয়াহে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ কাম অনুমোদন দিয়ে। এডিবিৰ ৬৫০ কোটি টকাৰ কাম যদি এই বছৰ কৰিবলৈ সক্ষম হয়, তেন্তে অহা বছৰ প্ৰায় ১২শ কোটি, ১৩শ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হ’ব। ইয়াৰ বাবে তীব্ৰতাৰে প্রচেষ্টা চলাই থকা হৈছে। এই প্রচেষ্টাত যদি সক্ষম হওঁ তেতিয়াহ’লে শিৱসাগৰ জিলাত ৪৪৮ কোট টকা, গোলাঘাটত ৪৬৩ কোটি টকা, যোৰহাটত ৪৪৪ কোটি টকা, ধেমাজিত ৩৭৯ কোটি টকা মুঠ ১,৬৪২ কোটি টকা এই বছৰ আমি ল’বলৈকে সক্ষম হ’ম। আৰু যদি সক্ষম হওঁ নৱেম্বৰ বা ডিচেম্বৰত তাৰ কাম আৰম্ভ হ’ব। ঠিক তেনেকৈ বিশ্ব বেংকৰো কামৰ প্ৰক্ৰিয়া চলাই থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্ব বেংকৰ পৰাও প্রায় ৫০০ কোটি টকা পাব বুলি কয়। যদি কামখিনিত সফল হয় অহা বছৰ বিশ্ব বেংক এডিবিৰ প্ৰায় ২২শ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হ’ব বুলি সদনত জানিবলৈ দিয়ে।