দিল্লীৰ নতুন মুখ্যমন্ত্রী ৰেখা গুপ্তা
ৰঙিলী বাৰ্ত্তাসেৱা- জল্পনা-কল্পনাৰ অন্তত অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম।দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা। যোৱা ৮ ফেব্ৰুৱাৰীত ঘোষিত ফলাফলত বিজেপিয়ে ঐতিহাসিক বিজয়ৰ পাছত বিগত ১০ দিন ধৰি মুখ্যমন্ত্ৰীৰ পদক লৈ জল্পনা-কল্পনা চলাই থকাৰ অন্তত কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ, ওম প্রকাশ ধনখড় আৰু বৈজয়ন্ত পাণ্ডাৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলে নেতা হিচাপে প্ৰথমবাৰৰ বিধায়িকা ৰেখা গুপ্তাক মনোনীত কৰে। ইয়াৰ পাছতে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তা নিশ্চিত হয়। বহুলভাৱে চর্চিত মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী পাৰভেছ সিং বার্মা উপ-মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিব। ছালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী বন্দনা কুমাৰীক ২৯ হাজাৰতকৈও অধিক ভোটত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হোৱা ৫০ বছৰীয়া ৰেখা গুপ্তাই ছাত্ৰৰ ৰাজনীতিৰ পৰা বিজেপিত সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে। ৰেখা গুপ্তা হ’ব দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্রী।ঐতিহাসিক ৰামলীলা ময়দানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীসহ বিজেপিৰ শীর্ষ নেতা, বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রীকে ধৰি ২০০তকৈ অধিক সাংসদৰ উপস্থিতিত আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেখা গুপ্তাই। বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে দক্ষিণ দিল্লী পৌৰ নিগমৰ প্রাক্তন মেয়ৰ তথা তিনিবাৰৰ কাউঞ্চিলৰ ৰেখা গুপ্তাই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভানেত্ৰীৰ পদ শুৱনি কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ত ছাত্র ৰাজনীতিৰ পৰা ২০০৭ চনত দক্ষিণ পিতামপুৰাৰ পৰা কাউঞ্চিলৰ হিচাপে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে। আইনৰ স্নাতক ডিগ্রীধাৰী পেছাগতভাৱে অধিবক্তা ৰেখা গুপ্তাৰ হাৰিয়ানাৰ হিন্দ জিলাৰ নন্দগড় গাঁৱত ১৯৭৪ চনত জন্ম হয়। ১৯৭৬ চনত তেওঁৰ পৰিয়াল দিল্লীলৈ স্থানান্তৰিত হৈছিল। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ স্বামীৰ নাম মনীষ গুপ্তা। বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাৰ নাম ঘোষণা কৰাৰ পাছতে ৰাজনৈতিক দলৰ নেতাসকলে অভিনন্দন জনাইছে।