আজি জামছেদপুৰ এফচিৰ মুখামুখি হ’ব নর্থ-ইষ্ট ইউনাইটেড এফচি
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইএছএলত ক্রমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নর্থ-ইষ্ট ইউনাইটেড এফচিৰ এই সাফল্যৰ যাত্ৰা শ্বিলঙত খেলা অন্তিম মেচত মুম্বাই চিটীৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে সমাপ্ত হয়। নতুন আশাৰে নৰ্থ-ইষ্টে আজি জামছেদপুৰত হ’বলগা গুৰুত্বপূৰ্ণ মেচখনত জামছেদপুৰ এফচিৰ মুখামুখি হ’ব। নর্থ-ইষ্ট ইউনাইটেডে ২০খন মেচত ২৯ পইন্টেৰে তালিকাৰ ষষ্ঠ স্থানত আছে। আজিৰ মেচত জয়লাভ কৰিলে দলে চতুর্থ স্থানলৈ উত্তৰণ কৰিব পাৰিব। ইয়াৰ পূৰ্বে গুৱাহাটীত নর্থ-ইষ্ট ইউনাইটেড ৫-০ গ’লত জামছেদপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল। নর্থ-ইষ্টইউনাইটেডৰ মুখ্য প্রশিক্ষক জুয়ান পেড্র’ বেনালিয়ে কয় জামছেদপুৰ অতি বিপজ্জনক দল। তেওঁলোকৰ বিৰুদ্ধে যিকোনো ভুলৰ ফলত এটা গ’ল হ’ব পাৰে। আমি যিমান পাৰি সিমান পইন্ট লাভ কৰি প্লে অফৰ বাবে যোগ্যতা অর্জন কৰিব লাগিব। আইএছএলত দুয়ো দলে এতিয়ালৈকে ১৫ বাৰ মুখামুখি হৈছে। জামছেদ পুৰে ছয়খন খেলত জয়লাভ কৰাৰ বিপৰীতে নর্থ-ইষ্টে ৩খনত বিজয় সাব্যস্ত কৰিছে। ৬খন মেচ ড্র হয়।