ফ্ৰান্সৰ সৈতে এক বিশাল প্ৰতিৰক্ষা চুক্তি সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- ফ্ৰান্সৰ সৈতে এক বিশাল প্ৰতিৰক্ষা চুক্তি সম্পন্ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্রান্স ভ্ৰমণৰ সময়তে ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’ৰ সৈতে পেৰিছত হোৱা দ্বিপাক্ষিক বৈঠকত ৯০ হাজাৰ কোটিটকীয়া প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি ভাৰতৰ নৌবাহিনীয়ে ফ্ৰান্সৰ পৰা ২৬ ৰাফেল এম যুঁজাৰু বিমান আৰু তিনিখন স্ক’ৰপেন শ্ৰেণীৰ ছাবমেৰিন লাভ কৰিব। ভাৰতৰ সাগৰীয় ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰেই ফ্ৰান্সৰ সৈতে এই চুক্তি স্বাক্ষৰিত কৰা হৈছে। ফ্ৰান্সৰ পৰা লাভ কৰা ৰাফেল এম যুঁজাৰু বিমানে দেশৰ পুৰণি মিগ-২৯ কেৰ স্থান লাভ কৰিব। এই ৰাফেল এম যুঁজাৰু বিমান যুদ্ধ পৰিবাহী জাহাজ আই এছ বিক্ৰান আৰু আই এছ বিক্রমাদিত্যৰ পৰা পৰিচালিত হ’ব। ফ্রান্স আৰু ভাৰতৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে পেৰিছত থকা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তা(AI) শীর্ষ সন্মিলনতো অংশগ্রহণ কৰে। কৃত্রিম বুদ্ধিমত্তা(AI)শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাই মানৱ জীৱনলৈ আনিব পৰা ব্যাপক পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃত্ৰিম বুদ্ধিমত্তাই সাধাৰণৰ সংস্থাপনত ক্ষতি কৰিব বুলিও উদ্বিগ্নতা প্রকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাত অন্তর্নিহিত পক্ষপাতক লৈ বিশ্বৰ দেশসমূহ সজাগ গৈ থকাৰ প্ৰয়োজন আছে বুলিও কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এ আই(AI)ৰ উদ্বিগ্নতাৰ বিষয়টোক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশ্বক গণতান্ত্রিক প্রযুক্তি আৰু এআই(AI)ৰ সৈতে মোকাবিলা কৰিবলৈ আন্তর্জাতিক মানৰ আৱশ্যকতাৰ বিষয়েও কয়। এআই(AI)ৰ ভৱিষ্যৎ সকলোৰে কাৰণে ভাল নিশ্চিত কৰিবলৈ ভাৰতে বিভিন্ন দেশৰ সৈতে অভিজ্ঞতা আৰু বিশেষজ্ঞৰ বিনিময় কৰিবলৈও সাজু বুলি কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ধাৰণা কৰাতকৈ অধিক ক্ষিপ্ৰতাৰে এআই(AI) প্রযুক্তি আগবাঢ়ি গৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এআই(AI)ৰ পৰা আহিব পৰা বিপদৰ পৰা উদ্ধাৰ হ’বলৈ সকলো একত্ৰিত হ’ব লাগিব বুলিও কয়। ইপিনে ভাৰতে দেশৰ বৈচিত্র্যতাৰ প্ৰতি বিবেচনা কৰি নিজা বৃহৎ ভাষা মডেল প্রস্তুত কৰি আছে বুলিও কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এ আই(AI) মডেল দক্ষ আৰু বহনক্ষম হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলন আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’নৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰে।