৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ ডিব্ৰুগড় চহৰ

৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ ডিব্ৰুগড় চহৰ : ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ “ভূমিকম্প আৰু অগ্নিকাণ্ড”ৰ ম’ক ড্ৰীল 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে পুৱাই অহা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠে সমগ্ৰ ডিব্ৰুগড় চহৰ। চাৰিওফালে সৃষ্টি হয় বিভীষিকাময় পৰিস্থিতিৰ। জনসাধাৰণৰ মাজত ব্যাপক সন্ত্ৰাস। ভূমিকম্পত বিধস্ত হয় বৈৰাগীমঠস্থিত জে.এছ.বি পেভিলিয়ন। হতাহত প্ৰায় ২৪ গৰাকী। ধ্বংসস্তুপত এতিয়াও আৱদ্ধ ভালে সংখ্যক লোক। ভূমিকম্পৰ পাছতে চৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত অগ্নিনির্বাপক বাহিনীৰ লগতে আন উদ্ধাৰকাৰী দল। আৰক্ষী, এচ.ডি.আৰ.এফ  আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সহযোগত চলাই থকা হৈছে উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানত নিযোগ কৰা হৈছে এন.ডি.আৰ.এফ বাহিনীকো।  উল্লেখযোগ্য যে এয়া কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়। এয়া আছিল এনেধৰণৰ দুৰ্যোগৰ সময়ত উদ্ধাৰকাৰী দলসমূহে কেনেদৰে উদ্ধাৰ অভিযান চলাব তাৰে এটা অনুশীলন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত “ভূমিকম্প আৰু অগ্নিকাণ্ড”ৰ এটি ম’ক ড্ৰীল বৈৰাগীমঠস্থিত জে.এছ.বি পেভিলিয়নত অনুষ্ঠিত হয়। জে.এছ.বি পেভিলিয়নত কৃত্ৰিমভাবে ভূমিকম্প আৰু অগ্নিকাণ্ড সদৃশ এক পৰিবেশৰ সৃষ্টি কৰি তেনেধৰণৰ দুৰ্যোগৰ সময়ত কিদৰে উদ্ধাৰ অভিযান চলোৱা হয় তথা প্ৰশাসনৰ লগতে অন্যান্য উদ্ধাৰকাৰী বাহিনীসমূহে কিদৰে নিজ নিজ দায়িত্ব পালন কৰে, সেই সন্দৰ্ভত অনুশীলন চলোৱা হয়। এই ম’ক ড্ৰীল কার্যসূচীত ডিব্ৰুগড় জিলা প্ৰশাসন, আৰক্ষী, ট্ৰেফিক নিয়ন্ত্ৰণ বিভাগ, অগ্নি নির্বাপক বাহিনী, স্বাস্থ্য বিভাগ, এন.ডি.আৰ.এফ, এচ.ডি.আৰ.এফ বাহিনী, অসম পুলিচ অনাতাঁৰ সংগঠন, অসামৰিক প্ৰতিৰক্ষা বাহিনী, জিলা পৰিৱহন বিভাগকে আদি কৰি অন্যান্য সংশ্লিষ্ট বিভাগ সমুহে অংশগ্ৰহণ কৰে।