মাজুলীত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী মীন শিল্প সমবায় সমিতি লিমিটেড আৰু ইষ্টার্ণ ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত ইনষ্টিটিউট অৱ ইউৰ’লজি এণ্ড কিডনী ডিজিজেছ (আই ইউ কে ডি)ৰ সহযোগত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ৭৮ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন হয়।
মাজুলীৰ মহকিনাস্থিত মাজুলী মীন শিল্প সমবায় সমিতি লিমিটেডৰ মুখ্য কাৰ্যালয়ত অনুস্থিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত মাজুলীৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৬৫০ গৰাকী লোকে স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য শিবিৰত ভাৰতৰ লেজাৰমেন খ্যাত , মানৱদৰদী বঁটা প্ৰাপ্ত ডা: অৰূপ কুমাৰ নাথৰ সৈতে এটি ১৫ জনীয়া চিকিৎসকৰ দলে স্বাস্থ্য সেৱা আগবঢ়ায় ।