যাত্ৰা — ববিতা বৰা

pc-reachingself

:শুলা?

:নাই..।তুমি?
:আছো..।
:…কিবা কথা আছিল?
:এনেয়ে কথাপাতিব নোৱাৰি নেকি?
:নোৱাৰি কাৰণ বৰ্তমান তুমি আন কাৰোবাৰ স্বামী আৰু মই আন কাৰোবাৰ পত্নী।
:তাৰ আগত,আমি প্ৰেমিক-প্ৰেমিকা।
:আছিলো।এতিয়া নহয়।
: ………বন্ধু হিচাপে যোগাযোগ ৰাখিব নোৱাৰি?
: এসময়ৰ প্ৰেমিকক বন্ধুলৈ সলনি কৰিবলৈ মই অপাৰাগ।
:তুমিওটো সংসাৰ কৰিলা।মোলৈ মনত নপৰিল?
: অতীতক ধিয়াই বৰ্তমানৰ লগত মই বিশ্বাসঘাটকতা নকৰো।অন্তত তোমাৰদৰে মই অন্তৰত কোঠাঘাত কৰিব পৰা অপৰাধী নহয়।
: ….মনত পৰিলে যোগাযোগ কৰিবা।মই অপেক্ষা কৰিম।
: হেৰাই যোৱা বস্তুলৈ মনত পেলাই হুমুনিয়াহ নাকাঢ়ো মই।
:শুনা,ভালপাওঁ তোমাক আজিও।
:এনে ভালপোৱা মোক নালাগে।অপমান নকৰিবা ভালপোৱাক।
: …………
:কান্দিছা কিয়?
:হহাঁৰ সকলোবোৰ বাট বৰ্তমানে বন্ধ অ’ ।মই সুখী হ’ব পৰা নাই।
:কিয়?তুমিটো স্বইচ্ছায়ে মোক ত্যাগ কৰিছিলা।এতিয়া কি হ’ল?
:…সেইয়া শাস্তি এতিয়া ভূগিছো মই।মই এটা যন্ত্ৰৰ দৰে হৈ পৰিছো জানা।না মোক কোনোবাই ভাল পাই,না মই ভালপাব পাৰিছো।মাথো এসোপা টকা ঘটিছো।আনকি সংগী সুখ দিবলৈও মই এটা নিৰ্জীৱ ভাইব্ৰেটৰৰ দৰে পৰি থাকো।
মৰম,ভালপোৱা এইবোৰ পত্নীৰ চকুত দেখাই নাপাওঁ..যিবোৰ অভিমান,আৱদাৰ,তদাৰক ক দলিয়াই থৈ আহিছিলো,আজি এইবোৰ বিচাৰি বলীয়া হৈছো মই।
এখন উকা হৃদয় লৈ জীয়াই আছো অ’।পত্নীৰ দুচকুত চকু থলেও মই তোমাক দেখা পাওঁ।
তোমাক প্ৰতাৰণা কৰাৰ শাস্তি তিল তিলকৈ ভূগি আছো মই এতিয়া।
: …………..চেষ্টা কৰা সুখী হ’বলৈ।তোমাক বিচাৰি কাতৰ হোৱাৰ সময়তো মোক তুমি তেনেদৰেই কৈছিলা।
প্ৰেক্টিকেল হ’বলৈ কৈছিলা তুমি মোক।ইমান এটা বাস্তৱমুখী মানুহে এতিয়া বাস্তৱক গ্ৰহণ কৰিব পৰা নাই বুলি জানি আচৰিত লাগিছে।
:………
তাৰমানে,তুমি সুখী আছা?মোলৈ মনত নপৰে?ইমান মৰম কৰেনে তোমাক পতিয়ে!
:বহুত……..।
মই আৰু একো নক’লো।যি পুৰুষে দলিয়াই থৈ গৈছিল,সেই পুৰুষক বিচাৰি মইটো আৰু ৰৈ থকা নাই,গতিকে তাৰ লগত কিবা কথা থাকিব পাৰে বুলি মোৰ মনে নকয়।কটা ঘাঁ খুচৰি থকাৰ অভ্যাস যে কেতিয়াবাই বন্ধ কৰিলো মই..।
সি শিকাই থৈ যোৱাৰ দৰেই মই এতিয়া প্ৰেক্টিকেল।ভীষণ প্ৰেক্টিকেল।
সংযোগ বিচিন্ন কৰি,
 বৈ অহা চকুপানীখিনি মচি ল’লো।
আস,ফুলি থকা গালখনত হাতটো লাগি কালিৰ পৰা চিৰিঙ চিৰিঙকৈ ধৰি থকা বিষটো আকৌ আৰম্ভ হ’ল মোৰ।
এইবোৰ মৰমৰ বিষ…।মই সুখী,বহুত সুখী।যথেষ্ঠ সুখত ৰাখিছে মোক মোৰ পতিয়ে।এই মৰমৰ পৰা ফালৰি কাটি অতীত ধিয়াই থকাৰ আহৰিয়েই নাই মোৰ।
ক’লা-ৰঙা পৰি থকা চকুৰ গুৰি,গাৰ য’তে ত’তে উখহি থকা দাগবোৰ দেখি সিও হয়তো গম পালে হেঁতেন,সি এৰি থৈ যোৱা দিন ধৰি আজিলৈকে মই বৈবাহিক জীৱনত কিম্মান যে সুখী,কিম্মান যে প্ৰেক্টিকেল!
ববিতা বৰা