ড° হিমন্ত বিশ্বশৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰে অনুসূচিত জাতি যুৱ পৰিষদে
ৰঙিলী বাৰ্ত্তাসেৱা- ৯ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সচিবালয়ৰ কাৰ্য্যালয়ত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ সভাপতি ৰুবুল দাসৰ নেতৃত্বত প্ৰতিনিধি দলে সাক্ষাৎ কৰি অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি বাহাল ৰখা, অনুসূচিত জাতি উন্নয়নৰ বাবে বাজেটত ৫ হাজাৰ কোটি টকা নিৰূপণ কৰা, মিছন ভূমিপুত্রৰ সংশোধন কৰা, ভূৱা অনুসূচিত জাতিগত প্ৰমাণ পত্ৰ ধাৰীৰ ওপৰত ত্ৰিশ দিনৰ ভিতৰত ব্যৱস্থা লোৱা, ছাত্র জলপানি নিয়মীয়া কৰা, পদোন্নতিত জেষ্ঠ্যতাৰ ধাৰাবাহিকতা অক্ষুন্ন থকাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰি আলোচনা কৰা হয়। আলোচনা কালত ড০ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে পৰিষদৰ প্ৰতিনিধি দলৰ লগত আলোচনা অনুষ্ঠিত কৰি সুমীমাংসা কৰিবলৈ মুখ্য সচিবক তাৎক্ষণিকভাবে নিৰ্দেশ দিয়া কাৰ্য্যত পৰিষদে সন্তুষ্টি প্ৰকাশ কৰিলে৷ প্ৰতিনিধি দলটোত কেন্দ্রীয় উপসভাপতি জিতু কাকতি, সাধাৰণ সম্পাদক অমৃত প্ৰান দাসো উপস্থিত থাকে।