‘ঝুমুইৰ বিনন্দীয়া’ অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে জনতা ভৱনত উচ্চস্তৰীয় বৈঠক

‘ঝুমুইৰ বিনন্দীয়া’ অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে জনতা ভৱনত উচ্চস্তৰীয় বৈঠক
মন্ত্ৰী অশোক সিংহল, পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, যোগেন মহন আৰু ৰূপেশ গোৱালাৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত ‘ঝুমুইৰ বিনন্দীয়া’ শীৰ্ষক ঝুমুইৰ নৃত্যৰ বিশাল অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে আজি জনতা ভৱনস্থিত মন্ত্ৰী অশোক সিংহলৰ কাৰ্যালয়ত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰী সিংহলৰ লগতে এই অনুষ্ঠানৰ তদাৰকীৰ বাবে গঠিত কেবিনেট সমিতিৰ আন সদস্যসকল ক্ৰমে মন্ত্ৰী পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, যোগেন মহন আৰু ৰূপেশ গোৱালা উপস্থিত থকা আজিৰ বৈঠকত অনুষ্ঠানটিৰ ভিন্ন দায়িত্বত নিয়োজিত উচ্চপদস্থ বিষয়া তথা ব্যক্তিসকলেও অংশগ্ৰহণ কৰে। আজিৰ বৈঠকত ঝুমুইৰ বিনন্দীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। অন্যান্য দিশৰ লগতে বৈঠকত মূলতঃ বিভিন্ন জিলাৰ অংশগ্ৰহণকাৰীসকলৰ সবিশেষ, মাণ্ডলিক পৰ্যায়ৰ আখৰা শিবিৰ অনুষ্ঠিতকৰণ, অনুষ্ঠানৰ মূল মণ্ডপ আৰু অন্যান্য নিৰ্মাণকাৰ্যৰ অগ্ৰগতি, অংশগ্ৰহণকাৰীৰ যাতায়াত, পৰিবহণ, থকা-খোৱা, চিকিৎসা আদিৰ সুব্যৱস্থাকৰণ, অনুষ্ঠানৰ থলীত পৰ্যাপ্ত খোৱাপানী, শৌচাগাৰ আৰু অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, যান-বাহন ব্যৱস্থাপনা, পাৰ্কিং, আইন-শৃংখলা নিয়ন্ত্ৰণ, নিৰৱিচ্ছিন্ন বিদ্যুত যোগান, প্ৰচাৰ, বিজ্ঞাপন আদি গুৰুত্বপূৰ্ণ বিষয়ৰ খৰচি মাৰি পৰ্যালোচনা কৰা হয়। অহা ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া কেবিনেট সমিতিয়ে অনুষ্ঠানৰ থলী পৰিদৰ্শন কৰাৰ পূৰ্বেই যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ আজিৰ বৈঠকত উপ-সমিতিসমূহক নিৰ্দেশনা প্ৰদান কৰা হয়।আজিৰ বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল, প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গৃহ বিভাগৰ আয়ুক্ত-সচিব বিশ্বজিত পেগু, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, পৰিবহণ বিভাগৰ সচিব আদিল খান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব গীতিমণি ফুকন, সাধাৰণ প্ৰশাসন বিভাগৰ সচিব প্ৰাণজিত গগৈ, স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মা, জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱৰয়, পৰ্যটন সঞ্চালক ৰণোজ বৰকটকী, অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব গায়ত্ৰী ভট্টাচাৰ্য, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱন, যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ লগতে অন্যান্য দায়িত্ববাহী বিভাগসমূহৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত আছিল।