দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক এডভাণ্টেজ আছাম ২.০ ৰ প্ৰচাৰৰ লগতে বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ বাবে দুদিনীয় কাৰ্যসূচীৰে সোমবাৰে ছিংগাপুৰ ভ্ৰমণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছিংগাপুৰ ভ্ৰমণৰ কথা দেওবাৰে নিজৰ সামাজিক মাধামযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । এডভান্টেজ আছাম ২.০ সন্মিলনৰ পূর্বে উদ্যোগপতি আৰু চৰকাৰী বিষয়াসকলৰ সৈতে আলোচনা কৰিবলৈ মুখামন্ত্রী ছিংগাপুৰত উপস্থিত হ’ব ।ছিংগাপুৰৰ এই ভ্রমণ আগন্তুক সন্মিলনৰ অংশীদাৰ দেশখনৰ সৈতে দীর্ঘদিন ধৰি অসমৰ উন্নয়নমূলক পদক্ষেপৰ সৈতে জড়িত । ছিংগাপুৰত ড৹ শর্মাই এখন ৰোড শ্ব’তো অংশগ্রহণ কৰিব ৷ লগতে, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, নির্মাণ আমি উদ্যোগৰ মুখ্য ব্যৱসায়িক নেতৃবন্দৰ সৈতে পৃথক পৃথক বৈঠকত অংশগ্রহণ কৰিব।