মাজুলী মহাবিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা

মাজুলী মহাবিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা 
‘এগৰাকী আদৰ্শ শিক্ষাগুৰু সমাজ এখনৰ ধৰণী ’—ডঃ দেৱজিৎ শইকীয়া
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  “এগৰাকী আদৰ্শ শিক্ষাগুৰু সমাজৰ ধৰণী। গুৰু-সান্নিধ্যৰ সুখস্মৃতি শিক্ষাৰ্থীয়ে মনৰ মাজত আজীৱন বহন কৰি লৈ ফুৰে। পথদ্ৰষ্টা গুৰুৰ নিৰ্দেশত শিক্ষাৰ্থীয়ে নৱ জীৱনৰ সোপান ৰচনা কৰে।”—এই বক্তব্য মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ। ৩৪ বছৰীয়া কৰ্মজীৱনৰ অন্তত অৱসৰ গ্ৰহণ কৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক অজয় প্ৰসাদ সিঙক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক গোট, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ উদ্যোগত পদ্মকান্তদেৱ গোস্বামী সভাকক্ষত আয়োজিত সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ অধ্যাপক ডঃ ৰাজেন বৰাই। তুলসী ৰাজখোৱাই আঁত ধৰা সভাত অজয় প্ৰসাদ সিঙক মহাবিদ্যালয়ৰ তৰফৰ পৰা দৌল শৰাই, সম্বৰ্ধনা-পত্ৰ, চেলেং-গামোচা, মুখা, বেতৰ বিচনী, গ্ৰন্থৰ টোপোলা আদিৰে বিপুল সম্বৰ্ধনা জনোৱা হয়। সভাত বক্তব্য আগ বঢ়াই অধ্যক্ষ ডঃ  শইকীয়াই লগতে শিক্ষাৰ্থীসকলক পাঠদানৰ ক্ষেত্ৰত অজয় প্ৰসাদ সিঙে আগবঢ়োৱা কাৰ্পণ্যহীন নিঃস্বাৰ্থ সেৱাৰ বিষয়ে উল্লেখ কৰে আৰু আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিলেও মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত আজীৱন অজয় প্ৰসাদ সিঙে সহযোগ কৰি যাব বুলি আশা প্ৰকাশ কৰে। নিজৰ বক্তব্যত অজয় প্ৰসাদ সিঙে সফলতাৰে কৰ্মজীৱন সমাপ্ত কৰিব পৰাৰ ক্ষেত্ৰত অধ্যক্ষকে প্ৰমুখ্য কৰি মহাবিদ্যালয় পৰিয়ালে আগবঢ়োৱা সহযোগিতাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা  জ্ঞাপন কৰে। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষদ্বয় সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, অৱসৰী অধ্যাপক অমৃতেশ্বৰ চুতীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অধ্যাপক ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, বিপুল ৰাজখোৱা, সুৰেন চন্দ্ৰ দাস, অনন্যা বৰুৱা, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা আদিয়ে অজয় প্ৰসাদ সিঙৰ লগত অতিবাহিত কৰা স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। সভাখনিত অজয় প্ৰসাদ সিঙৰ পত্নী নিভা কুমাৰী সিং, পুত্ৰদ্বয় ডাঃ অবিনাশ আনন্দ আৰু আদৰ্শ ৰাজ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলেও বক্তব্য দাঙি ধৰে। সভাৰ অন্তত অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকাই সকলোকে শলাগ জ্ঞাপন কৰে।