ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দিল্লী জয়ৰ আনন্দ-উল্লাস
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমী পাৰ্টীৰ দুর্গ তচনচ কৰি দিল্লীত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত দেখা গ’ল বিজয় উল্লাস। আতচবাজী ফুটাই আনন্দ-উল্লাহেৰে বিজয়ৰ সোৱাদ ল’লে নেতা-কর্মীসকলে। ইজনে সিজনক মিঠাই খুৱাই উদযাপন কৰিলে বিজয়। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে মিঠাই বিতৰণেৰে দিল্লীৰ জয়ক লৈ শুভেচ্ছা জনায় সতীর্থ নেতা-কর্মীক। ইফালে দিল্লীত বিজেপিৰ এই অভাৱনীয় সাফল্যক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিল্লীৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে সভাপতি দিলীপ শইকীয়াৰ মন্তব্য- আপৰ দুমুখীয়া চৰিত্ৰৰ বিৰুদ্ধে দিল্লীবাসীৰ এয়া ঐতিহাসিক ৰায়দান। এক বিবৃতিযোগে দিলীপ শইকীয়াই দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা-বিশ্বাস ৰাখি দিল্লীবাসীয়ে যি ৰায় প্ৰদান কৰিলে, তাৰ বাবে ভোটাৰ ৰাইজক অভিনন্দন জনাইছোঁ। সততে দুর্নীতিবিৰোধী কথা কোৱা কেজৰিৱাল চৰকাৰৰ কেইবাজনো মন্ত্রী কেলেংকাৰিত লুতুৰি-পুতুৰি হৈ জে’লৰ ভাত খাবলগীয়া হোৱাত আপৰ মুখা সুলকি পৰে। বিয়াগোম সুৰা কেলেংকাৰিত কেজৰিৱাল চৰকাৰৰ কেইবাজনো মন্ত্রী-সাংসদ জড়িত হোৱাত আপ চৰকাৰে যে দুর্নীতি-ভ্রষ্টাচাৰক প্রশ্রয় দিছিল সেয়াও স্পষ্ট হৈ পৰে। দিল্লীৰ জনতাই এনেকুৱা ভ্ৰষ্টাচাৰত নিমজ্জিত দলক শাসনৰ পৰা বিতাড়িত কৰিলে। দিল্লীৰ বিকাশৰ বাবে বিজেপিৰ যে বিকল্প নাছিল সেয়া দিল্লীৰ জনতাই ভালদৰে বুজি পাইছে। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আস্থা আৰু বিশ্বাস স্থাপন কৰাটো আছিল সময়ৰ আহ্বান