‘ত্রিবেণী’ এলবামৰ বাবে ভাৰতীয় বংশোদ্ভৱ চন্দ্রিকা টেণ্ডনলৈ গ্ৰেমী বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰই লছ এঞ্জেলছত আয়োজিত ৬৭সংখ্যক বার্ষিক গ্ৰেমী বঁটাৰ বেষ্ট নিউ এজ এলবাম শিতানত চেন্নাইত জন্মগ্রহণ কৰা চন্দ্রিকা টেণ্ডনে ত্রিবেণী শীর্ষক এলবামৰ বাবে গ্রেমী বঁটা লাভ কৰে। লছ এঞ্জেলছৰ ক্লিপ্টো ডট কম এৰিনাত আয়োজিত বর্ণাঢ্য কাৰ্যসূচীৰ এই গ্ৰেমী বঁটা অনুষ্ঠানত চন্দ্রিকা টেণ্ডনে গ্রেমী বঁটা লাভ কৰে। দক্ষিণ আফ্রিকাৰ বাঁহীবাদক উটাৰ কেলাৰমেন আৰু জাপানৰ ভায়োলীনবাদক এৰু মাল্টছুম ‘টুৰ সৈতে প্রস্তুত কৰা ত্রিবেণী এলবামৰ বাবেই ভাৰতীয় বংশোদ্ভৱ চন্দ্রিকা টেণ্ডনে এই বঁটা লাভ কৰিছে।আনহাতে, গ্রেমী বঁটাৰে সন্মানিত ভাৰতীয় কিংবদন্তি তবলাবাদক জাকিৰ হুছেইনৰ স্মৃতিত অনুষ্ঠানটোত একো উল্লেখ নকৰাক লৈ একাংশ সংগীতপ্রেমী ক্ষুণ্ণ হৈ পৰিছে। ৬৭ সংখ্যক গ্ৰেমী বঁটা লাভ কৰাসকলৰ ভিতৰত এলবাম অৱ দ্য ইয়েৰ শিতানত বিয়ঞ্চে ‘কাও বয় কাৰ্টাৰ’ৰ বাবে শ্রেষ্ঠ সন্মান লাভ কৰে। ছং অৱ দ্য ইয়েৰৰ বঁটা লাভ কৰে কেন্ড্রিক লামাৰৰ ‘নট লাইক আছ’-এ। ৰেকৰ্ড অৱ দ্য ইয়েৰ লাভ কৰে কেন্ড্রিক লামাৰৰ ‘নট লাইক আছ’-এ। এনেদৰে বেষ্ট পপ দ্বৈত/গ্রুপ প্রদৰ্শনৰ বাবে লেডী গাগা আৰু ব্রুনো মার্শ্বে। বেষ্ট লেটিন পপ এলবাম ছাকিৰাৰ ‘লাষ্ট মুজাৰেচ য়া ন’ লিঅ’বেন’, বেষ্ট নিউ আর্টিষ্ট চেপেল করেন, বেষ্ট কাউন্ট্রী এলবাম বিয়ঞ্চৰ কাওবয় কাৰ্টাৰ, বেষ্ট পপ ভোকেল এলবাম ছাবৰিনা কার্পেন্টাৰৰ ছর্ট এণ্ড ছুইট, বেষ্ট পপ ছ’ল’ পাৰফৰমেন্সৰ বঁটা বিয়ঞ্চৰ ব’ডীগার্ড, বেষ্ট ৰেপ ছং কেন্ড্রিক লামাৰৰ নট লাইক আছ, বেষ্ট কমেডী এলবাম ডেভ চেপেলৰ দ্য ড্রীমাৰ, বেষ্ট ফক এলবাম গিলিয়ান রেটছ আৰু ডেভিড ৰাউলিঙৰ উডলেণ্ড।