কেজৰিৱাল চৰকাৰক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

কেজৰিৱাল চৰকাৰক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘ভাৰতীয় জনতা পাৰ্টিয়ে দৰিদ্ৰ, মধ্যবিত্ত আৰু মহিলা-কন্যা তথা যুৱক-যুৱতীসকলৰ বাবে কাম কৰি আহিছে। আনহাতে দিল্লীৰ আপ চৰকাৰে দিল্লীৰ এজন ভ্ৰষ্টাচাৰী নেতা আৰু ভ্ৰষ্ট নীতিৰ বাবে কাম কৰে।’ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ একেবাৰে প্ৰাক-মুহূৰ্তত দেওবাৰে চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপিৰ তাৰকা প্ৰচাৰক তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। দেওবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ গোকুলপুৰ, বাবৰপুৰ, আদর্শ নগৰ আৰু ছকুৰবস্তি বিধানসভা সমষ্টিত নির্বাচনী প্রচাৰত অংশ লৈ বিশাল জনসভা সম্বোধন কৰে ।অৰবিন্দ কেজৰিৱালৰ হিন্দু সংস্কৃতিৰ বিষয়ত অকণো জ্ঞান নাই। যমুনা নদীৰ বিতৰ্কৰ প্ৰসংগ টানি হিন্দু সংস্কৃতিত এয়া কেতিয়াও সম্ভৱ নহয় যে হাৰিয়ানাত থকা ডাঙৰ ককায়েকে দিল্লীত থকা সৰু ভাইক বিহ মিহলাই দিব পাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে আপৰ নেতা অৰবিন্দ কেজৰিৱালক সমালোচনা কৰে ।গোকুলপুৰ বিধানসভা সমষ্টিত নির্বাচনী প্ৰচাৰ চলাই  মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রবীণ গান্ধীবাদী নেতা আন্না হাজাৰেক প্ৰথমতে কেজৰিৱালে গাদ্দাৰী কৰিলে। কেতিয়াও ৰাজনীতি নকৰোঁ বুলি প্রবীণ গান্ধীবাদী নেতা হাজাৰেৰ লগ লগা কেজৰিৱালে পৰৱৰ্তী পৰ্যায়ত ৰাজনীতিলৈ আহিল। ৰাজনীতিলৈ আহি কেতিয়াও কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰোঁ বুলি কোৱা কেজৰিৱালে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সৈতে ‘ইলু ইলু’ কৰি মিত্ৰতা কৰিলে। পিছত আকৌ তেওঁলোকৰ বিচ্ছেদো হ’ল। সেয়ে মই কওঁ- কেজৰিৱালৰ ৰাজনৈতিকভাৱে কোনো চৰিত্ৰ নাই। দিল্লীৰ মুখ্যমন্ত্ৰী হৈয়েই কেজৰিৱালে সুৰাৰ ধান্দা কৰিলে। মহিলাৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰিলে। কেজৰিৱালে কেতিয়াও সঁচা কথা ক’ব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তেওঁ মিছা কথা কোৱা মেচিনত পৰিণত হৈছে। মুখেৰে কেৱল মিছা কথাহে ওলায়। এনে মিছা কথা কোৱা দল ভাৰতৰ ইতিহাসত জন্ম হোৱা নাই। সুৰা কেলেংকাৰিৰ বাবে তেওঁ জে’ললৈ যাবলগীয়া হ’ল। কোনো লোক জে’ললৈ গ’লে জামিনত মুক্তি পোৱাৰ পাছত ২-৩ মাহ আত্মগোপন কৰে। কিন্তু কেজৰিৱালে জামিনত মুক্তি পাই ওলাই অহাৰ প্ৰথম দিনৰ পৰাই টিভিৰ সন্মুখত চিঞৰি চিঞৰি এনেদৰে কথা ক’লে তেওঁ স্বাধীনতা সংগ্ৰাম কৰি জে’ললৈ গৈছিল। কিন্তু তেওঁ জে’ললৈ গৈছিল সুৰাৰ ধান্দা কৰিহে। যোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত কেজৰিৱালে ঘোষণা কৰিছিল তেওঁৰ দল ক্ষমতালৈ আহিলে মহিলাসকলক মাহে এহেজাৰ টকাকৈ দিব। কিন্তু দিল্লীৰ মহিলাসকলক যোৱা ৫ বছৰে কেজৰিৱালে ঠগিলে। এতিয়া নিৰ্বাচনৰ সময়ত মহিলাসকলক আপৰ কাৰ্যালয়লৈ মাতি আনি তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ, টেলিফোন নম্বৰ আদি ল’লে। ইয়াতো কেজৰিৱালে আন কিবা এটা কেলেংকাৰি কৰাৰ শংকা ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এই বিষয়টোও তদন্ত কৰাৰ আহ্বান জনায়। কেজৰিৱালে যোৱা ৫টা বছৰে দিল্লীৰ মহিলাসকলৰ বাবে একো নকৰি এতিয়া পুনৰ মাহে এহেজাৰ টকাকৈ দিয়াৰ ঘোষণা কৰিছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মহিলাসকলক মাহে আঢ়ৈ হাজাৰ টকাকৈ দিয়াৰ সংকল্প প্রকাশ কৰিছে। মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কথা কৈছিল আৰু সেয়া কৰি দেখুৱালে। সেইদৰে দিল্লীবাসীক মোদীয়ে দিয়া প্রতিশ্রুতিও পূৰণ কৰিব। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° শৰ্মাই দিল্লীৰ মহলা ক্লিনিকৰ প্ৰসংগ উত্থাপন কৰি কয় যে দিল্লীৰ ফুটপাথত কেজৰিৱালে স্থাপন কৰা মহলা ক্লিনিকত কোনো ছাৰ্জাৰী, এমআৰআই, চিটী স্কেন আদিৰ ব্যৱস্থা নাই। তাত কেৱল প্রেছকিপচনহে দিয়া হয়। অসমৰ দৰে সৰু ৰাজ্যই প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ ব্যৱস্থা কৰিছে আৰু এতিয়ালৈ ২৪খন মেডিকেল কলেজ স্থাপন হৈছে। দেশৰ ৰাজধানী দিল্লীত মহলা ক্লিনিকৰ পৰিৱৰ্তে মাল্টি স্পেচিয়েলিটী হাস্পতাল, ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আদিহে হ’ব লাগিছিল। কাৰণ দিল্লী হৈছে ভাৰতৰ আইনা। দিল্লীৰ পৰাই সমগ্র দেশৰ প্ৰতিচ্ছবি প্রতিফলিত হয়। কেজৰিৱালৰ দিল্লীৰ সু-বিশাল বাসগৃহ শীশ মহলক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণৰ দৰে কেজৰিৱালে কাৰ স্মৃতিত শীশ মহল নির্মাণ কৰিছে সেয়া গৱেষণা কৰিব লাগিব। দিল্লীৰ জনসাধাৰণে বিশুদ্ধ খোৱাপানীৰ অভাৱ, বিজুলী সমস্যাকে ধৰি জীৱনৰ মৌলিক সুবিধাকণো পোৱা নাই। যোৱা ১০ বছৰত আপ চৰকাৰে একো নকৰিলে। দিল্লীৰ কোনো উন্নয়ন নহ’ল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে- বিজেপি ক্ষমতালৈ আহিলেই দিল্লীৰ অকর্তৃত্বশীল কলনীত বিকাশ কৰিব। দিল্লীৰ জনসাধাৰণে ডাব্‌ল ইঞ্জিন চৰকাৰৰ লাভালাভ পোৱা নাই। সেয়ে মুখ্যমন্ত্রী ড° শৰ্মাই এইবাৰ দিল্লীক সেৱা কৰিবলৈ প্রধানমন্ত্রী মোদীক এবাৰ সুযোগ দিবলৈ আহ্বান জনাই কয় যে তেতিয়াহে মোল্লাসকল ডাক্তৰ-ইঞ্জিনীয়াৰ হ’ব পাৰিব। এই প্রসংগতে মুখ্যমন্ত্রী ড° শর্মাই কয় যে এইবাৰ দিল্লীত বিজেপিৰ চৰকাৰ হ’ব বুলি কেজৰিৱালেও জানে। তাৰ বাবে যোৱা ১০টা বছৰে প্রতিমাহে মোল্লাসকলক টকা দি অহা কেজৰিৱালে এতিয়া পূজাৰীসকলকো মাতি আনি টকা দিয়াৰ কথা কৈছে। কিন্তু যোৱা ১০ বছৰে পূজাৰীসকলৰ প্রতি কেজৰিৱালৰ মনত নপৰিল। মোল্লা আগত, পূজাৰী পাছত হ’ব নোৱাৰে। অসমত আমি মোল্লা বনোৱা ফেক্টৰী বন্ধ কৰি দিছোঁ। চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিলোঁ। মুছলমান সমাজৰ ল’ৰা-ছোৱালীও ডাক্তৰ-ইঞ্জিনীয়াৰ হ’ব লাগে। তাৰ বাবেই চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিয়া হৈছে।