দুর্গাপূজাৰ পূর্বেই অনুষ্ঠিত হ’ব বিটিচি নির্বাচন

দুর্গাপূজাৰ পূর্বেই অনুষ্ঠিত হ’ব বিটিচি নির্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ছেপ্টেম্বৰ মাহত বিটিচিৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা- অহা দুর্গাপূজাৰ পূর্বেই বিটিচি নির্বাচন শেষ কৰা হ’ব, যাতে আসন্ন বিধানসভা নির্বাচনলৈ সময় পোৱা যায়। সেইদৰে আসন্ন বিটিচি নির্বাচনত ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা থাকিবনে নাই নে অকলে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই বিষয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব। গোটেই বিষয়টো কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- যোৱা বিটিচি নির্বাচনত আমি অকলে নির্বাচন খেলিছোঁ। নিৰ্বাচনৰ পাছত একেলগে বিটিচিৰ চৰকাৰ গঠন কৰিছোঁ। আসন্ন নির্বাচনতো একেলগে খেলিলে যদি বেছি ছীট পোৱা যায়, তেতিয়া একেলগে খেলিম আৰু অকলে খেলিলে যদি বেছি ছীট পোৱা যায় তেন্তে অকলে খেলিম। কিন্তু ইউপিপিএল বর্তমানো এনডিএৰ সহযোগী দল। দিছপুৰত ইউপিপিএলৰ মন্ত্রীও আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আৰু কয় যে ইউপিপিএল আৰু বিজেপি দুয়োটা এনডিএৰ ঘটক দল আৰু ঘটক দল হৈয়েই থাকিব। আনহাতে, বড়ো শান্তি চুক্তিয়ে ৫টা বছৰ অতিক্ৰম কৰা সম্পর্কত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই চুক্তিয়ে স্থায়ী শান্তি, প্রগতি আৰু বিকাশৰ নতুন ভেটি নির্মাণ কৰিছে। ইয়াৰ বাবে বড়ো শান্তি চুক্তিৰ ৰূপকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, নায়ক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰধান ঘটক বা উপাদান এবছু আৰু এনবিএফবিক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ধন্যবাদ জ্ঞাপন কৰে। বড়ো শান্তি চুক্তিয়ে অকল বড়োলেণ্ডতেই নহয়, সমগ্র অসমলৈ শান্তি আৰু সম্প্রীতি কঢ়িয়াই অনাত এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অহা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব। এসময়ত অসমৰ বিভাজনৰ কাৰণে য’ত আন্দোলন কৰা হৈছিল, তাত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব। অসমৰ একতাৰ মূল প্রতীক বিধানসভাখনেই কোকৰাঝাৰত অনুষ্ঠিত হ’ব।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে বিধানসভাখনলৈ চালেও দেখিব এসময়ত য’ত অসমীয়া ভাষাই একমাত্র ভাষা আছিল আজি তাত বড়ো ভাষা, বড়ো কলা-সংস্কৃতিয়ে স্থান দখল কৰিছে। আজি অসমত একতা থকাৰ লগে লগে বড়োলেণ্ডত ভাবিব নোৱাৰা উন্নয়ন হৈছে। বড়ো শান্তি চুক্তিৰ পূর্বে এখনো মেডিকেল কলেজ নথকা বড়োলেণ্ডত এতিয়া দুখনকৈ মেডিকেল কলেজ স্থাপন হৈছে। বড়ো শান্তি চুক্তিৰ পূৰ্বে এখনো বিশ্ববিদ্যালয় নথকা বড়োলেণ্ডত এতিয়া দুখনকৈ বিশ্ববিদ্যালয় স্থাপন হৈছে। বড়ো শান্তি চুক্তিয়ে আজি বড়ো অঞ্চললৈ যিমান বিকাশ, প্রগতি আনিছে অসমৰ শ্ৰীবৃদ্ধিতো অৰিহণা যোগাইছে। শান্তি চুক্তিখনে বড়ো লোকৰ আশা-আকাংক্ষা পূৰণৰ দৰে বৃহত্তৰ অসমৰো আশা-আকাংক্ষা পূৰণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে বড়ো শান্তি চুক্তিৰ মাত্ৰ কেইটামান দফা ৰূপায়ণ হ’বলৈ বাকী আছে। ইয়াৰ বাবে ভাৰতৰ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। দুই-এদিনতে এই সংক্রান্তত আমি ভাল খবৰ পাবলৈ সক্ষম হ’ম। সেইদৰে প্ৰাক্তন এনডিএফবিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ সম্পৰ্কত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রাক্তন এনডিএফবিৰ লগত জড়িত প্ৰায়বোৰ গোচৰ চৰকাৰে প্ৰত্যাহাৰ কৰিছে। শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পূর্বে চার্জশীট হোৱা ৭-৮টা গোচৰহে প্ৰত্যাহাৰ হোৱা নাই। এই গোচৰৰ ক্ষেত্ৰত ন্যায়ালয়েহে সিদ্ধান্ত ল’ব পাৰে। ন্যায়ালয়ক চৰকাৰে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ কৰি আছে আৰু ৭-৮টা গোচৰ এনআইএৰ পৰা অসম চৰকাৰলৈ হস্তান্তৰ কৰাৰ বাবেও প্রক্রিয়া চলি আছে।