যুক্তৰাষ্ট্ৰত প্ৰবাসী অসমীয়াৰ অসম সাহিত্য সভাৰ ৭৫ সংখ্যক শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন

যুক্তৰাষ্ট্ৰত প্ৰবাসী অসমীয়াৰ অসম সাহিত্য সভাৰ ৭৫ সংখ্যক শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-    অসম সাহিত্য সভাৰ বিদেশ ৰাষ্ট্ৰৰ এটা অন্যতম শাখা “যুক্তৰাষ্ট্ৰ শাখা সাহিত্য সভা”ৰ উদ্যোগত  লেইচিষ্টাৰত বিস্তৃত কাৰ্যসূচীৰে  ৭৫  সংখ্যক শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন কৰা হয়। শীতৰ ঠেঁটুৱা লগা জাৰকো নেওচি যুক্তৰাজ্যৰ বিভিন্ন কোনত বসবাস কৰা প্ৰবাসী অসমীয়া সকল সমৱেতহৈ আৰু অসমৰ পৰা যোৱা কেইবাগৰাকীও অতিথিৰ উপস্থিতিত  উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। আৰম্ভণিতে তাত থকা অসমীয়াই জলপান গ্ৰহণৰ পাছত  সভাপতি গীতা বৰুৱাই সকলোকে বিহুৰ ওলগ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন কৃৰ্তি বিষয়ে বক্তৃতা প্ৰদান কৰে। ড০ অমৰজ্যোতি চৌধুৰীৰ বানীবদ্ধ স্বৰচিত কবিতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। সাধাৰণ সম্পাদিকা জাহ্নৱী গগৈ‌য়ে সদ্য প্ৰয়াত যুক্তৰাজ্য শাখাৰ প্ৰথম গৰাকী সভাপতি ভূবন চন্দ্ৰ বৰুৱা আৰু গীতা বৰুৱা, আজীৱন সদস্য জেউতি বৰা আৰু প্ৰাক্তন সভাপতি মঞ্জিৰা চৌধুৰীয়ে সদ্য প্ৰয়াত ওস্তাদ জাকিৰ হুছেইনৰ বিষয়ে বক্তৃতা প্ৰদান কৰা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমীয়া খেল-ধেমালি, কুইজ, জ্যোতি সংগীত পৰিবেশনৰ লগতে সাংস্কৃতিক সম্পাদিকা গীতোৎপলা বৰদলৈয়ে আ‍ঁত ধৰা সাংস্কৃতিক সন্ধিয়াত উপস্থিত কেইবাজনেও গীত পৰিবেশন কৰাৰ উপৰিও, কণমানি সকলৰ আৰু প্ৰাপ্ত বয়স্কৰ নৃত্য, গীত, সাধু আৰু মুকলি বিহু পৰিবেশনেৰে পৰিবেশ মুখৰিত কৰি তোলে। শেষত জাহ্নবী গগৈৰ শলাগৰ শৰাই আৰু অসমীয়া ব্যঞ্জনৰে বিহুৰ ভোজৰ জৰিয়তে অনুষ্ঠানৰ সামৰণি পৰে ।