সোণতোলা বাঘেশ্বৰী ‘শান্ত্বনা মেমোৰীয়েল ট্ৰাষ্ট কালী মন্দিৰ প্ৰাংগনত ঐতিহাসিক অসম আন্দোলনৰ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ মঞ্চ’ৰ স্মৃতি ৰোমন্থন আৰু আলোচনা সভা

সোণতোলা বাঘেশ্বৰী ‘শান্ত্বনা মেমোৰীয়েল ট্ৰাষ্ট কালী মন্দিৰ প্ৰাংগনত ঐতিহাসিক অসম আন্দোলনৰ  দক্ষিণ  কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ মঞ্চ’ৰ স্মৃতি ৰোমন্থন  আৰু আলোচনা সভা

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ অন্যতম শক্তিপীঠ সোণতোলা বাঘেশ্বৰী ” শান্তনা মেমোৰিয়েল ট্ৰাষ্ট” কালী মন্দিৰ প্ৰাংগনত ঐতিহাসিক অসম আন্দোলনৰ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ মঞ্চৰ উদ্যোগত স্মৃতি ৰোমন্থন আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। প্ৰাক্তন ছাত্ৰ নেতা ৰাম কুমাৰ দাসৰ সভাপতিত্বত কৰা উক্ত অনুষ্ঠানত ৰাম কুমাৰ দাসৰ লগতে সংগ্ৰামী সতীৰ্থ হীৰেণ কলিতা,প্ৰদীপ তালুকদাৰ,কালী মন্দিৰ ট্ৰাষ্টৰ স্বত্বাধিকাৰ ভূপেন নাথ, সংগ্ৰামী সতীৰ্থ হেমেন দাস,নৃপেন্দ্ৰ কলিতা, গোপাল দাস,ৰজত তালুকদাৰ,ৰাজেন নাথ,মাহতাবুৰ কামৰূপী,মেহবুব আলী,ৰবীন কলিতা,ত্ৰিদিব ঠাকুৰীয়া,প্ৰাণেশ্বৰ কলিতা, মুৰুলীধৰ ডেকা আদিয়ে স্মৃতি ৰোমন্হন কৰি বক্তব্য ৰাখে আৰু পিয়াৰ আলী, অপূৰ্ব গোস্বামী,নৃপেন্দ্ৰ কলিতা আদিয়ে গীত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত ডেকা,ৰমণী কলিতা,যামিনী শৰ্মা,হেমন্ত বৈশ্য, সুনিল মজুমদাৰ, হেমন্ত দলৈ,কমলেশ্বৰ কলিতা,নীৰেণ মালীৰ লগতে বহু সংখ্যক প্ৰাক্তন সংগ্ৰামী সতীৰ্থ উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে।