নীলা খামৰ চিঠি
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
মৰমৰ তুমি,
পোন প্ৰথমে তোমালৈ মোৰ হিয়া ভৰা মৰম আৰু শ্ৰদ্ধা আগ বঢ়ালো। লগতে মোৰ হৃদয়ৰ উশাহ খিনি।আকোঁৱালি ল’বা বুলি আশা ৰাখিলোঁ।কেনে আছা তুমি প্ৰিয়? নিশ্চয় ভালে আছা,,,?সৰু এটি মান- অভিমানৰ বশ হৈ তোমাৰ লগত সকলো সংযোগ বিচ্ছিন্ন কৰি দিছিলোঁ হয় কিন্তু মনৰ গভীৰত থকা তুমি জনক কেনেকৈ আঁতৰি পঠিয়াও বাৰু??তুমি মোৰ লগত থাকা বা নাথাকা, হৃদয়ৰ পুৰুষ জন তুমিয়েই হৈ থাকিবা সদায় আৰু সদায়। ইয়াৰ কোনো বিকল্প নাই,, সমাৰ্থক নাই।পুৱাৰ পৰা সন্ধিয়া, এই মনে মাথোঁ তোমাৰেই গীত গাই।কমটি দুষ্ট নে, খাই মোৰ পিন্ধে মোৰ চিন্তা কৰে কেৱল তোমাৰ,,।মান অভিমান আৰু কিমান দিন,,? আহাঁ না একে লগত বহি ধুনীয়াকৈ চাহ একাপ খাও , সুন্দৰ এটি সন্ধ্যা উপভোগ কৰোঁ।একে লগে বহি জোনৰ লগত গল্প কৰোঁ। আকৌ এবাৰ সুখ- দুখ হাঁহি কান্দোন খিনিক ভগাই লওঁ।সকলো বিলাক ঠিক কৰি আকৌ এবাৰ বন্দী হৈ পৰিম তোমাৰ দুটি নয়নত।তুমিও মোক এৰি হয়তো সুখী হ’ব পৰা নাই চাগে?এইয়া মোৰ কেৱল অনুভৱ নহয়, মোৰ মনৰ একান্ত বিশ্বাস।হাজাৰ কাজিয়া, অভিমান আমাৰ মাজত হেঙাৰ হৈ থিয় দিলেও তুমি মোৰ আৰু মই তোমাৰ হৈয়েই থাকিম। আজীৱন।
দূৰত্ব বাঢ়ি যোৱাৰ পাছত তোমালৈ মৰম,ভালপোৱা বোৰ বহু গুণে বৃদ্ধি পাইছে।যি দূৰত্বই তোমাৰ প্ৰতি মোক বেছিকৈ আকৰ্ষিত কৰে, নতুন অনুভূতিৰ জন্ম দিয়ে। মায়াত আৱদ্ধ কৰে।সেই দূৰত্ব মাজে সময়ে বেয়া নহয়, নে কি কোৱা,,?পিছে সকলো বস্তুৰে এটা নিদিষ্ট সীমা থাকে।ঠিক তেনেদৰে অভিমান, খং বোৰো জোখত হে হোৱা ভাল।নহ’লে দেৰি হৈ যাব,,,ভগা আইনাৰ দৰে মন জোৰা লগাবলৈ চেষ্টা কৰিলেও আগৰ সৌন্দৰ্য্য খিনি নোহোৱা হৈ যায়। উভতি আহা প্ৰিয়, এই অভা এতিয়াও তোমাৰেই অপেক্ষাত।
ইতি
তোমাৰ মৰম জনী ,,,