ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ আক্ৰমণ ৯ জনকৈ জোৱান শ্বহীদ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন বছৰৰ আৰম্ভণিতে নক্সালবাদীয়ে ছত্তিশগড়ত এক বৃহৎ ঘটনা সংঘটিত কৰিছে।ছত্তিশগড়ৰ বিজাপুৰত আজি আই ই ডি বিস্ফোৰণৰ ফলত ৯ গৰাকী ডি আৰ ডি জোৱান শ্বহীদ হয়।নক্সাল প্ৰভাৱিত কুট্ৰৰ পৰা বেদ্ৰেলৈ যোৱা পথত কাৰ্কেলিৰ সমীপত জোৱানেৰে ভৰা এখন পিকআপ বাহন উৰুৱাই দিছিল নক্সালসকলে। এই আক্রমণত এতিয়ালৈকে ৯জন জোৱান শ্বহীদ হৈছে। একাংশ জোৱান আহত হৈছে।উল্লেখ্য যে নক্সালসকলে লেণ্ডমাইন পুতিছিল। সৈন্যৰ বাহনখন এই লেণ্ডমাইনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে নক্সালসকলে ততাতৈয়াকৈ বিস্ফোৰণ সংঘটিত কৰে য’ত ৯জন জোৱান শ্বহীদ হয় আৰু পিকআপ গাড়ীখনৰ চালকৰো মৃত্যু হয়। তথ্য অনুসৰি নক্সালবিৰোধী অভিযানৰ পৰা শিবিৰলৈ উভতি অহা গাড়ীখনত ১৫জনতকৈ অধিক জোৱান আছিল। ইতিমধ্যে নক্সালসকলে জোৱানক লক্ষ্য কৰি লেণ্ডমাইন নিক্ষেপ কৰিছিল আৰু ৯জন জোৱান শ্বহীদ হৈছিল। সম্প্রতি এম্বুলেন্স আৰু জোৱানৰ দলক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। তথ্য অনুসৰি সোমবাৰে নিৰাপত্তাৰক্ষীৰ যৌথ দল এটা তালাচী অভিযানৰ পাছত উভতি অহা সময়তে এই ঘটনা সংঘটিত হয় । বিজাপুৰৰ কুট্ৰু পথেৰে পাৰ হৈ গৈ আছিল জোৱানৰ কনভয় । সেই সময়তে দুপৰীয়া প্ৰায় ১৪:১৫ বজাত কুট্ৰু থানা এলেকাৰ আম্বেলি নালাৰ সমীপত এম্বুছ কৰা নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ কৰি নিৰাপত্তাৰক্ষীৰ এখন বাহন বিস্ফোৰণ কৰে । এই নক্সালবাদী আক্ৰমণত বাহনখনত থকা ৯জন জোৱান আৰু চালকজন শ্বহীদ হয় ।