নন্দেশ্বৰ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ ‘স্মৃতি-সৌৰভ’ উন্মোচন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ দেওদিয়াআটী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চিলাপথাৰ সংমণ্ডলৰ পৰা অৱসৰ গ্ৰহণ কৰা জনপ্ৰিয় জ্যেষ্ঠ বিষয়া নন্দেশ্বৰ শইকীয়াৰ আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰকাশিত শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ ‘স্মৃতি-সৌৰভ’ আজি দিনৰ ১ বজাত দেওদিয়াআটীৰ নিজা বাসগৃহত উন্মোচন কৰা হয়। অজিত শইকীয়া আৰু অৰ্পিতা শইকীয়া সম্পাদিত গ্ৰন্থখনি উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। উন্মোচক অধ্যক্ষ ডঃ শইকীয়াই কয়, অভাৱীজনক অন্তৰ উজাৰি সহায় কৰা গুণত নন্দেশ্বৰ শইকীয়া সৰ্বসাধাৰণ লোকৰ মনৰ মাজত সদায় জীয়াই থাকিব। নন্দেশ্বৰ শইকীয়াৰ পৰা উঠি অহা প্ৰজন্মই স্বনিয়োজনৰ যোগেদি কেনেকৈ স্বাৱলম্বী হ’ব লাগে তাৰ আদৰ্শ শিকিব পাৰে। শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি, শিক্ষাবিদ ৰাজীৱ দত্ত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী তথা স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে নন্দেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিণী তথা অৱসৰী বিষয় শিক্ষয়িত্ৰী নিৰ্মলা বৰা শইকীয়াই। আৰম্ভণিতে যোৱা ১৭ ডিচেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিয়োগ ঘটা উঠি অহা প্ৰজন্মৰ আদৰ্শস্বৰূপ ব্যক্তি নন্দেশ্বৰ শইকীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে মৌন প্ৰাৰ্থনা কৰাৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষাবিদ দিলীপ হাজৰিকাই। সভাত সমজুৱাৰ তৰফৰ পৰা গাঁৱৰ নৱতিপৰ ব্যক্ত মুহিকান্ত শইকীয়া আৰু দেৱেন শইকীয়া, শিক্ষাবিদ দিলীপ বৰা, ভাতৃ বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ হাটীমতা, সত্যজিৎ শইকীয়া আৰু দিলীপ হাটীমতাই নন্দেশ্বৰ শইকীয়াৰ আদৰ্শ আৰু গুণৰাজিৰ বিষয়ে অৱগত কৰে। সভাত অশীতিপৰ মহিলা কুসুম দত্ত, অৱসৰী প্ৰধান শিক্ষকদ্বয় ৰুদ্ৰ শইকীয়া আৰু ভৱেন শইকীয়া, ধীৰেন্দ্ৰ নাথ শইকীয়া, ৰুদ্ৰকান্ত শৰ্মা, নৰাম শইকীয়া, ব্ৰজেন বৰুৱা, যোগেন দত্ত, হেম হাজৰিকা, প্ৰফুল্ল বৰা, ললিত শইকীয়া, ভবেন শইকীয়া, যোগেন বৰুৱা, অতুল হাটীমতা, দিলীপ শইকীয়া, তৰুণ বৰা, মিনতি শইকীয়া বৰা, বিনীতা শইকীয়া, মুনমী শইকীয়া, ৰেখা বৰা, মিনু শইকীয়া, বিনু শইকীয়া, ৰুণু হাজৰিকা, পুত্ৰ ডঃ দীপশংকৰ শইকীয়া, কন্যা ডাঃ আৰাধনা শইকীয়া প্ৰমুখ্যে গণ্য-মান্য স্থানীয় ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত স্থানীয় শিশুশিল্পীসকলে গায়ন-বায়ন পৰিৱেশন কৰে।