ফৰ এভাৰ ষ্টাৰ ইণ্ডিয়া ছুপাৰ ৱমেন এৱাৰ্ড ডিব্ৰুগড়ৰ চেমিম আখতাৰলৈ
এম্ হাছিম আলী ,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ফৰ এভাৰ ষ্টাৰ ইণ্ডিয়া ছুপাৰ ৱমেন এৱাৰ্ড সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিবছৰ প্ৰদান কৰে। ডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী চেমিম আখতাৰ আলিক এই বছৰৰ ফৰ এভাৰ ষ্টাৰ ইণ্ডিয়া ছুপাৰ ৱমেন বঁটা এক অনুষ্ঠানত প্ৰদান কৰা হয়। বিশেষকৈ সমাজ জীৱনলৈ বিভিন্ন সময়ত দৰিদ্ৰ লোকক,অন্ধ লোকক,বান পীড়িত হাজাৰ লোকক সহায় সহযোগিতাvইত্যাদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা তথা অৱদানৰ বাবে বিশেষকৈ এই সন্মানীয় বঁটা আগবঢ়ায় । ৰাজস্থানৰ জয়পুৰৰ জি ষ্টুডিঅত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এগৰাকী সফল মহিলা সমাজ সেৱিকা হিচাবে চেমিম আখতাৰ আলিক বঁটাটি প্ৰদান কৰাত ডিব্ৰুগড়বাসী আনন্দ মুখৰ হৈ উঠে। চেমিম আখতাৰৰ পিতৃ আছিল নালিয়াপুলৰ জ্যেষ্ঠ সাংবাদিক তথা আলোৰণ কাকতত সম্পাদক প্ৰয়াত ৰহমত আলিৰ দ্বিতীয় কন্যা তথা সমাজ সেৱক ইমদাদ ৰাতুল আলিৰ সহধৰ্মিনী। ভাৰতৰ চলচিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা ৰাহুল দেৱে এই বঁটাটি প্ৰদান কৰে।