মাতৃ
অলকা বুজৰ বৰুৱা
টিহু টাউন,নলবাৰী
এৰা হয়,মাতৃ হোৱাৰ সপোন এটি সকলো নাৰীৰেই থাকে। নাৰী জীৱনৰ সফলতাও যে সেইখিনিতেই।অপৰাজিতাৰো আছিল সেই সপোন আৰু তাইৰ সপোনটোৱে পূৰ্ণতাও পাইছিল। কলেজীয়া জীৱন আধৰুৱা কৰিয়েই তাই প্ৰয়াসৰ সৈতে বিয়াত বহিছিল,মানে বহিবলৈ বাধ্য হৈছিল।তাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰি বি,এ, ত এডমিছন লোৱাৰ কেইমাহমান পিছতে মাক হঠাৎ অসুস্থ হৈ পৰে। চিকিৎসা কৰিছিল যদিও বেমাৰ চিনাক্ত নহ’ল। প্ৰায় এটা বছৰেই মাক বিচনাত পৰি থাকিল।লাহে লাহে খাব নোৱাৰা হ’ল। এদিন মাকে ক’লে -“মই চকু মুদাৰ আগতে পৰীৰ বিয়াখন চাব খোজোঁ”। বচ আৰু কোনো কথা নাই।ককায়েক আৰু দেউতাকে লগ হৈ দৰা বিচৰাৰ কাম আৰম্ভ কৰি দিলে। বিভিন্ন জনৰ খবৰ আহিল। তাৰ ভিতৰত এজন অভিযন্তাই দেউতাকহঁতৰ মন হৰণ কৰিলে।দৰঙৰ প্ৰয়াস চহৰীয়া।সিহঁতৰ সৰু চহৰখনত চাকৰি কৰে।ভাৰাঘৰত থাকে অকলে। এদিন ধুমধামেৰে দুয়োৰে বিবাহ সম্পন্ন হৈ গ’ল।মাতৃও হ’ল দুটা ল’ৰা সন্তানৰ। সিহঁতে ডাঙৰ হৈ এজন ব্যৱসায়ী আৰু এজন চৰকাৰী চাকৰিয়াল হ’ল,বিয়া বাৰুও কৰালে।অসমীয়াত এষাৰ কথা আছে যে “পুত্ৰক চিনিবা বিবাহৰ পৰে” তাইৰ ক্ষেত্ৰতো সেয়ে হ’ল।প্ৰয়াসে চাকৰিৰ বাবে ইঠাইৰ পৰা সিঠাইলৈ ঘুৰি ফুৰিব লগা হয়। তাই অকলে ঘৰৰ সকলো কাম কৰি অতাই সিহঁত দুটাক গধূলি পঢ়োৱাকে ধৰি সকলোবোৰ কাম কৰিব লাগে। সিহঁতেও মাক নহ’লে এখন্তেকো থাকিব নোৱাৰে। কিন্তু সেই পুত্ৰয়েই বিয়াৰ পিছত তাইৰ প্ৰয়োজন অনুভৱ নকৰা হ’ল ।
আজি দুদিন ধৰি তাইৰ জ্বৰ।তাই নিজৰ কোঠাটোৰ ভিতৰত শুই আছে অকলে অকলে। প্ৰয়াসে অফিচলৈ যোৱাৰ আগত ডালি ভাত অলপ বনাই নিজে খাই তাইলৈ বাঢ়ি থৈ অফিচলৈ যায়। আহি আকৌ বনাই ৰাতিলৈ। পুতেক বোৱাৰীয়েকহ’তৰ তাইৰ খবৰ ল’বলৈ সময় নাই। সিহঁতৰ মাকহঁতৰ ঘৰৰ মানুহ আহিলে কিন্তু সিহঁতৰ গা সাতখন আঠখন হয়।মাছে,মঙহে ৰান্ধে।আচলতে বোৱাৰীয়েকহঁতক দোষ দি একো লাভ নাই।যদি নিজৰ পুত্ৰয়েই মাকক সন্মান আৰু মূল্য দিব নাজানে বোৱাৰীয়েকহঁতে কিয় দিব সন্মান।
তাই ভাৱে তাইৰ মাতৃত্বৰ মমতাত ছাগে ক’ৰবাত অকণ হ’লেও খুঁত ৰৈ গৈছে যাৰ বাবে সিহঁতে আত্মসন্মান আৰু আত্ম অভিমান দুয়োটাই পাহৰি গৈছে। তাই বুজি নাপায় মানুহে কিয় পুত্ৰ সন্তানৰ বাবে হাহাকাৰ কৰে? পুত্ৰই হেনো মুক্তি দিয়ে।যদি এয়ে মুক্তিৰ নমুনা হয় তেন্তে নালাগে তাইক তেনে মুক্তি,তেনে পুত্ৰ। তাই প্ৰয়াসক মাতি ক’লে – ‘কাইলৈয়ে উকীল এটা মাতি আমাৰ অবৰ্তমানত মাটিখিনি এখন বৃদ্ধাশ্ৰমৰ নামত উইল কৰি থ’ব। আমিও বুঢ়া হ’লে তাতেই থাকিম।’