বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ অধীনত মাজুলীত স্বাস্থ্য আৰু পৰিপুষ্টি মেলা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, পোষণ অভিযান মাজুলী, মহিলা আৰু শিশু বিকাশ বিভাগ, মাজুলীৰ উদ্যোগত মাজুলী শিশু উন্নয়ন প্ৰকল্প আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলী সাংস্কৃতিক প্ৰেক্ষাগৃহত ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ অধীনত স্বাস্থ্য আৰু পৰিপুষ্টি মেলা আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা নামেৰে এখনি মেলা অনুষ্ঠিত হয় । মেলাখন শুভ উদ্ধধন কৰে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে।

মেলাখনত ০-৬ বছৰ বয়সৰ শিশুসকলৰ বাবে বৃদ্ধি নিৰীক্ষণ কোষ, মহিলা আৰু কিশোৰীসকলৰ বাবে হিম’গ্লবিন পৰীক্ষা কোষ , ঋতুস্ৰাৱ সজাগতা কোষ, প্ৰধানমন্ত্ৰী মাইক্ৰ’ বন্দনা যোজনা পঞ্জীয়ন কোষ, কিশোৰী সেৱিকা গোট, খাদ্য আৰু পৰিপুষ্টি কোষ স্থাপন কৰা হয়। উক্ত পৰিপুষ্টি মেলাত ০-৬ মাহ, ৬ মাহ – ৩ বছৰ, ৩ বছৰ – ৬ বছৰৰ ৯ টা শিশুক স্বাস্থ্যবান শিশুৰ বঁটা প্ৰদান কৰা হয়, ৫ গৰাকী কিশোৰীক ‘Miss Haemoglobin’ বঁটা প্ৰদান কৰা হয় আৰু ঋতুস্ৰাৱ সম্পৰ্কীয় গোহাৰি পত্ৰ, স্বাস্থ্য বিভাগৰ সহযোগত চেনিটেৰী নেপকিন বিতৰণ কৰা হয়। মেলাখনৰ শুভ উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত তৰালী দাস, সহকাৰী জিলা আয়ুক্ত সংগীতা বৰুৱা, জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী উপস্থিত থাকে ।