আমাৰ জীৱনৰ আটইতকৈ ডাঙৰ মিছা কথাটো হৈছে “মই ঠিকে আছোঁ” – নাচিমা য়াচমিন

Pc MII Publication

আমাৰ জীৱনৰ আটইতকৈ ডাঙৰ মিছা কথাটো হৈছে “মই ঠিকে আছোঁ” 

 নাচিমা য়াচমিন
বিশ্বনাথ চাৰিআলি

সকলোৱে নিজৰ নিজৰ সমস্যাৰ লগত সদায় যুঁজি আছে। সমস্যা সৰু হওঁক বা ডাঙৰেই হওঁক, আমি সেই বিষয়ে কথা পতাটো অত্যন্ত জৰুৰী।

কথা পাতিলে আমাৰ সমস্যাবোৰ সমাধান নহ’বও পাৰে, কিন্তু ইয়াৰ পৰা অলপ মান হ’লেও সকাহ পোৱা যায়। মনটো অলপ পাতল অনুভৱ হয়।

আমাৰ মন হ’ল বেলুন এটাৰ দৰে। আৰু টেনশ্যন খিনি হ’ল হাৱাৰ দৰে। যদি হাৱাৰ পৰিমাণ বেছি হৈ যায় তেন্তে বেলুনটো ফুটি যায়।

সেইদৰে আমাৰ টেনশ্যনবোৰ যদি সদায় বাঢ়ি গৈ থাকে তেন্তে আমাৰ ভাৱিব পৰা ক্ষমতা ক্ৰমে হ্ৰাস পাবলৈ ধৰে।  লাহে লাহে আমাৰ বিবেকে কাম নকৰা হয়। তেনেকৈ এদিন আমাৰ মনটো টেনশ্যনেৰে পৰিপূৰ্ণ হৈ ফাটি যায়।

সেয়েহে অকলে থকা অভ্যাসটো যিমান পাৰি সলনি কৰাটো দৰকাৰ।  মনৰ ভিতৰত থকা সৰু বৰ সমস্যা খিনি ভাল বন্ধু, প্ৰিয়জন নতুবা পৰিয়ালৰ বিশ্বাসযোগ্য সদস্যৰ লগত আলোচনা কৰা অতিকৈ আৱশ্যক।  সমস্যাবোৰৰ কিবা নহয় কিবা এটা সমাধান নিশ্চয় ওলাব।