‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট ২০২৩’ প্রতিবেদনৰ মতে অসমত হ্রাস বনাঞ্চলৰ পৰিমাণ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রী ভূপেন্দ্ৰ যাদৱে উন্মোচন কৰা ‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট ২০২৩’ শীর্ষক প্রতিবেদনত এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। প্রতিবেদনখনৰ মতে, ২০২১ চনৰ সৰ্বশেষ সমীক্ষাত অসমত বনাঞ্চলৰ পৰিমাণ আছিল ১৯,৭৮৩৩৯ বর্গ কিলোমিটাৰ। পিছে ২০২৩ চনত ৰাজ্যৰ বনভূমি হ্রাস পাই হ’লগৈ ১৯,৬৯৬৭৩ বর্গ কিলোমিটাৰ। সেয়েহে এই মুহূৰ্তত ৰাজ্যৰ মুঠ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰৰ ৩৪.২১ শতাংশ হৈছে বনাঞ্চল। লক্ষণীয়ভাৱে বিগত দুই বছৰত বনাঞ্চল হ্রাস পোৱা ৰাজ্যসমূহৰ তালিকাত তৃতীয় স্থানত আছে অসম। অসমতকৈ বনাঞ্চল অধিক হ্রাস পোৱা ৰাজ্য দুখন হৈছে তেলেংগানা (১০,৫৮৭ বঃকিঃ) আৰু ত্ৰিপুৰা (১১,৬৯০ বঃকিঃ)। এই তিনিখন ৰাজ্যৰ বাহিৰে অন্ধ্রপ্রদেশ আৰু গুজৰাটৰ বনাঞ্চলো হ্রাস পাইছে। মাত্ৰ দুবছৰৰ ব্যৱধানত অসমৰ ৮,৬৬৬ বঃকিঃ বনভূমি হ্রাস পোৱাটো যথেষ্ট উদ্বেগজনক হিচাপে বিবেচিত হৈছে। আনহাতে যোৱা দুই বছৰত বনাঞ্চল সর্বাধিক বৃদ্ধি পোৱা ৰাজ্যখন হৈছে মিজোৰাম। মিজোৰামত দুই বছৰত বৃদ্ধি পাইছে ১৯,২৯২ বঃকিঃ বনভূমি। প্রকাশ পোৱা প্রতিবেদন অনুসৰি দেশৰ মুঠ মাটিকালিৰ ২১.৭৬ শতাংশ হৈছে বনাঞ্চল। দেশৰ সৰ্বাধিক বনভূমি থকা ৰাজ্যখন হৈছে মধ্য প্রদেশ। ৰাজ্যখনৰ মুঠ বনভূমি হৈছে ৭৭,০৭৩ বঃকিঃ। সর্বাধিক বনভূমি থকা দেশৰ দ্বিতীয় ৰাজ্যখন হৈছে ক্রমে অৰুণাচল প্রদেশ (৬৫,৮৮২ বঃকিঃ) আৰু তৃতীয় ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ (৬৫,৩৮৩ বঃকিঃ)।আনহাতে মুঠ মাটিকালিৰ আনুপাতিক হাৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন কেন্দ্ৰীয়শাসিত লাক্ষাদ্বীপ। ৰাজ্যখনৰ ৯১.৩৩ শতাংশই বনভূমি। লাক্ষাদ্বীপৰ পিছতেই আছে মিজোৰাম (৮৫৩৪) আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ (৮১৬২)।