মুখা
টিংকু বৰা,লখিমপুৰ
কাকত, আলোচনীত প্ৰায়েই তেওঁৰ লেখাবোৰ পঢ়ো । সমাজ সচেতন এজন ব্যক্তি । শিশু শ্ৰমিক, অধিকাৰ, শিশুৰ সৰ্বাংগীন বিকাশত সমাজৰ দায়বদ্ধতা এনেধৰণৰ বিষয়বোৰত তেওঁৰ লেখাবোৰ সঁচায়েই প্ৰশংসনীয় । সেইদিনা অনুষ্ঠান এটালৈ নিমন্ত্ৰণ জনাবলৈ বুলি চিঠি এখন লৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ । ৪ জন মান শিশুক তেওঁৰ ঘৰত কাম কৰি থকা দেখি তেওঁলৈ এটি তীক্ষ্ণ দৃষ্টি দিলোঁ। মোৰ মনোভাৱ বুজিব পাৰি তেওঁ ক’লে – ” বোলে বুইছে বৰুৱা আজিকালি দিন হাজিৰাক একেবাৰে ৪৫০ টকা লাগে; গতিকে ইহঁতক কামত লগাইছোঁ ২০০ মান দিলেই হৈ যাব ।”তেওঁৰ কথা শুনি আৰু মোৰ বক্তব্যহীন হৈ পৰিলোঁ। মুখত এটা কৃত্ৰিম হাঁহি লৈ চিঠিখন নিদিয়াকৈয়েই উভতিলো ।