ইণ্টাৰনেটৰ যুগত ‘কেৰিয়াৰ হাতপুথি’ দৰে ছপা গ্রন্থৰ প্ৰয়োজন কিয় ? – ড° বুলজিৎ বুঢ়াগোহাঁই

ইণ্টাৰনেটৰ যুগত ‘কেৰিয়াৰ হাতপুথি’ দৰে ছপা গ্রন্থৰ প্ৰয়োজন কিয় ?

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ইণ্টাৰনেটত বিভিন্ন কেৰিয়াৰ বিষয়ৰ তথ্যৰ উপলব্ধ হোৱা চৰ্তেও ‘কেৰিয়াৰ হাতপুথি (প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা,বনলতা, নতুন বজাৰ, ডিব্ৰুগড় – ১, বনলতা তৃতীয় সংস্কৰণ: ডিচেম্বৰ, ২০২৪, মুঠ ৫০৯ পৃষ্ঠা আৰু মূল্য ৩৫০ টকা)’ দৰে ছপা গ্রন্থৰ কিয় প্ৰয়োজন আছে তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো ।  ইণ্টাৰনেটত পোৱা তথ্যৰ মান সকলো সময়তে নিশ্চিত নোহোৱা ক্ষেত্ৰত ছপা কৰা গ্রন্থসমূহে অধিক বিশ্বাসযোগ্যতা প্ৰদান কৰে। ছপা গ্রন্থসমূহৰ সঠিক তথ্য নিশ্চিত কৰাৰ বাবে পৰীক্ষা আৰু সম্পাদনা কৰা হয়। ইণ্টাৰনেটত বিজ্ঞাপন আৰু অপ্ৰাসংগিক লিংকৰ বাবে পাঠকৰ একাগ্ৰতা বিঘ্নিত হয়। ছপা গ্রন্থসমূহৰ পঢ়া সময়ত এনে ধৰণৰ সমস্যা নাথাকে। ছপা কৰা গ্রন্থসমূহ যিকোনো সময়ত আৰু যিকোনো ঠাইত পঢ়িব পৰা যায়, ইণ্টাৰনেট সংযোগ প্ৰয়োজন নহয়। অনলাইন তথ্য সময়ৰ লগে লগে সলনি হৈ যাব পাৰে, কিন্তু ছপা কৰা গ্রন্থসমূহ দীৰ্ঘকালীনভাৱে ব্যৱহাৰ কৰিব পৰা যায়। সেয়া যিকোনো সময়ত পঢ়িব পৰা যায়। অনলাইন তথ্যসমূহ ক্ষিপ্ৰ আৰু সংক্ষেপ হোৱাত গভীৰতা কম থাকে। ‘কেৰিয়াৰ হাতপুথি’ৰ দৰে ছপা গ্রন্থসমূহত বিষয়বোৰৰ সম্পূর্ণ ব্যাখ্যা আৰু গভীৰতা থাকে। ছপা গ্রন্থসমূহত  দাগ দিব, চিহ্নিত আৰু টীকা কৰিব পাৰি, যাৰ ফলত ইয়াক অধিক ব্যক্তিগতকৃত আৰু দীৰ্ঘম্যাদী কেৰিয়াৰ পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰিবলৈ সহজ হয়।

২০০৫ চনৰ পৰা  প্রতি শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোন (০৯৪৩৫১৮৮৬৩০) যোগেদি কেৰিয়াৰ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰ দি আহিছো । ২০০খনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ কৰ্মশালা-আলোচনা চক্রত অংশগ্রহণ কৰি  শিক্ষাৰ্থীসকল লগত মুখা-মুখিকৈ কেৰিয়াৰ বিষয়ৰ কথাবোৰ আলোচনা কৰিছো আৰু ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছো।   তাৰোপৰি , শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰো আৰু প্রকাশ হয়। এইদৰে লেখা প্রেৰণ কৰাৰ উদ্দেশ্য হ’ল – ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা কিছু সংখ্যক শিক্ষাৰ্থী অলপ হ’লেও যাতে আমাৰ কেৰিয়াৰ বিষয়ৰ লেখাবোৰৰ পৰা উপকৃত হয়।  ‘কেৰিয়াৰ হাতপুথি’ গ্রন্থখনত সন্নিবিষ্ট লেখাসমূহত শিক্ষাৰ্থীসকলৰ নিজা আগ্ৰহৰ ভিত্তিত ভবিষ্যতৰ ‘কেৰিয়াৰ’ গঢ়ি তুলিব পৰাকৈ সুযোগ আৰু সুবিধাসমূহৰ বিস্তাৰিত বিৱৰণ দাঙি ধৰা হৈছে। শিক্ষাৰ্থীসকলৰ প্রয়োজনীয় ব্যৱহাৰিক ক্ষেত্ৰখনক লেখাসমূহৰ আওতালৈ আনি প্রতিটো লেখা আলোচনা কৰা হৈছে । আপোনা কাকতৰ  যোগেদি  শিক্ষাৰ্থীসকলৰ মাজত ‘কেৰিয়াৰ হাতপুথি’ গ্রন্থখনৰ প্ৰসাৰ আৰু প্ৰচাৰ হোৱাটো লিখক হিচাপে কামনা কৰিছোঁ।  এই গ্রন্থখন অধ্যয়ন কৰিলে শিক্ষাৰ্থীসকলে  কেৰিয়াৰ সম্পৰ্কীয় বহুখিনি দিশ অৱগত হোৱাৰ লগতে উপকৃতও হ’ব বুলি আশা কৰিছোঁ  ।

https://www.youtube.com/watch?v=OugwkKA4gDA