ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ গড়চুক ধৰ্ষণ কাণ্ডৰ নৱমটো পাষণ্ড কৃষ্ণ বর্মনক

ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ গড়চুক ধৰ্ষণ কাণ্ডৰ নৱমটো পাষণ্ড কৃষ্ণ বর্মনক

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত আৰক্ষীৰ জালত মহানগৰীৰ গড়চুক নিজৰাপাৰৰ জঘন্য কাণ্ডৰ পলাতক পাষণ্ড কৃষ্ণ বর্মন। ৰাজ্য কঁপাই যোৱা গড়চুকৰ নিজৰাপাৰৰ দুর্গা মন্দিৰ চৌহদৰ কাণ্ডৰ শেষৰটো অভিযুক্ত কৃষ্ণক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ইতিমধ্যে শুকুৰবাৰেই আৰক্ষীৰ জালত পৰিছিল ৮ নৰপিশাচ। মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছিল এই জঘন্য ঘটনাটো। এগৰাকী মহিলাৰ সৈতে অ অপকৰ্ম সংঘটিত কৰিছিল যুৱকৰ দলে। দলটোত আছিল ৯জনকৈ যুৱক। ইমানতে শান্ত নাথাকি দলবদ্ধ ধৰ্ষণ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ’। ‘ভিডিঅ’ বনাই মহিলাগৰাকীক নিৰ্মম অত্যাচাৰ চলাইছিল ৯ পাষণ্ডৰ। ধর্ষণ কাণ্ডৰ পাছতে যুৱক কেইজনে সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল ভিডিঅ’। ভিডিঅ’ ভাইৰেল হৈ হোৱাৰ পাছতহে পোহৰলৈ আহে এই ঘটনা। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতো অতি নির্লজ্জভাৱে ধৰ্ষণকাৰী পাষণ্ডকেইটাই সংবাদ মাধ্যমৰ সন্মুখত নিজৰ দোষ স্বীকাৰ কৰে। ধৰ্ষণ কাণ্ডটোৰ অন্যতম মূল অভিযুক্ত কৃষ্ণ বর্মনক মহানগৰ আৰক্ষীয়ে ধুবুৰীৰ গোলকগঞ্জৰ আন্তর্জাতিক সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে। উক্ত ঠাইৰে বাসিন্দা কৃষ্ণ বর্মনে আন এগৰাকী অভিযুক্ত ৰবীন দাসৰ সৈতে লগ লাগি যোৱা ১৭ নৱেম্বৰৰ নিশা জালুকবাৰীৰ পৰা ১,০০০ টকাৰ বিনিময়ত নৈশ যাপনৰ বাবে মহিলাগৰাকীক গড়চুকৰ নিজৰাপাৰৰ দুর্গা মন্দিৰ চৌহদৰ নিৰ্জন স্থানলৈ নিছিল। দুয়োজনে নিজৰ কামনা চৰিতাৰ্থ কৰাৰ পাছতে তাত উপস্থিত হয় আন অভিযুক্তকেইজন। আটাইকেইজনে মহিলাগৰাকীক যৌন নির্যাতন। চলোৱাৰ পাছত নিশাই তেওঁক পুনৰ জালুকবাৰীত থৈ আহিছিল। নিজৰ বিকৃত যৌন কামনা চৰিতাৰ্থ কৰাৰ পাছত ধৰ্ষণকাৰী দলটোৰ আটাইতকৈ কম বয়সীয়া সদস্য পিংকু দাস আৰু বয়োজ্যেষ্ঠ সদস্য কৃষ্ণ বর্মনে মহিলাগৰাকীক বিবস্তু কৰি সমগ্ৰ দৃশ্য নিজৰ ম’বাইল ফোনত বন্দী কৰিছিল। যুৱ উচ্ছৃংখলতাৰ এক বিকৃত স্বৰূপ আটাইকেইজন অভিযুক্তৰ জৰিয়তে সেইদিনা প্রতিফলিত হৈছিল। অকল যৌন কামনা চৰিতাৰ্থ কৰাই নহয়, বিকৃত মানসিকতাৰ পৰিচয় দি কেইবাজনো অভিযুক্তই ইজনৰ পিছত সিজনে মহিলাগৰাকীৰ গোপন অংগত হাত ফুৰাইছিল আৰু নিকৃষ্ট সেই দৃশাংশ হাঁহি- খিকিন্দালিৰ মাজেৰে আন দুজন অভিযুক্তই ম’বাইলত ৰেকৰ্ড কৰিছিল। ঘটনাটো পোহৰলৈ অহাৰ পাছত ৯জন অভিযুক্তৰ ভিতৰত আঠজনে মহিলাগৰাকীক ধৰ্ষণ কৰা বুলি নির্লজ্জ স্বীকাৰোক্তি সংবাদ মাধ্যমৰ আগত দিছে। তেওঁলোকৰ মতে, নিজৰাপাৰৰ দুর্গা মন্দিৰ চৌহদত প্ৰায়ে নিশাৰ ভাগত আটাইকেইজনে সমৱেত হয়। নিশা বহু পৰলৈকে তেওঁলোকে তাত বিভিন্ন ধৰণৰ ম’বাইল গেম খেলা বুলি সদৰী কৰিছে যদিও আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, উক্ত ধৰ্ষণকাৰীকেইটাৰ দৰে আন বহু উচ্ছৃংখল যুৱকে নিশাৰ ভাগত ঠাইডোখৰৰ নিৰ্জনতাৰ সুযোগ গ্রহণ কৰি তাত নিচাজাতীয় দ্রব্য সেৱনত ব্যস্ত থাকে। ঘটনাটো সংঘটিত হোৱাৰ দিনাখনো আটাইকেইজন যুৱকে অত্যাধিক নিচাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে  ধৃত আঠজনক আদালতত হাজিৰ কৰায়। ইয়াৰ ভিতৰত অভিযুক্ত মৃণাল ৰাভা আৰু বিজয় ৰাভাই ৰাজসাক্ষী হোৱাৰ কথা আদালতত উল্লেখ কৰে। আন ছয়জন অভিযুক্ত ক্রমে ৰবীন দাস, কুলদীপ নাথ, পিংকু দাস, সৌৰভ বড়ো, দীপাংকৰ মুখীয়া, গগণ দাসক আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা নৱমটো অভিযুক্ত কৃষ্ণ বৰ্মনক সন্ধিয়াৰ ভাগত ধুবুৰীৰ পৰা গড়চুক থানালৈ অনা হয়। আৰক্ষীয়ে নিশাটো থানাতে ধৃত বৰ্মনক মাৰাথন জেৰা চলাই আদালতত হাজিৰ কৰাব। সমগ্র ঘটনাটোৰ অন্যতম অভিযুক্ত ধৃত কৃষ্ণ বৰ্মনক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে। ইপিনে, চাঞ্চল্যকৰ অভিযোগটোৰ মাজতে ধৃত ৯ অভিযুক্তৰ মাজৰ মৃণাল ৰাভা নামৰ অভিযুক্তজনে উক্ত ঘটনাত কোনো কাৰণতে জড়িত নহয় বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে। মৃণাল ৰাভাৰ মতে, ঘটনাটো সংঘটিত হোৱাৰ দিনা তেওঁ নিশা প্রায় ৩মান বজাত তালৈকে গৈছিল যদিও মহিলাগৰাকীক কোনো কাৰণতে যৌন নির্যাতন চলোৱা নাছিল। বাকীকেইজনে অনাহকতে তেওঁক দলবদ্ধ ধৰ্ষণৰ ঘটনাত সাঙুৰিছে বুলি মন্তব্য কৰে। ইপিনে, তাৎপর্যপূর্ণভাৱে দলবদ্ধ ধৰ্ষণৰ ঘটনাটোৰ অন্যতম ভুক্তভোগী মহিলাগৰাকীৰ তৰফৰ পৰা এতিয়ালৈকে গড়চুক থানাত কোনোধৰণৰ অভিযোগ দাখিল কৰা হোৱা নাই। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, মহিলাগৰাকীৰ কোনোধৰণৰ সন্ধান এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰা নাই। কিন্তু অসমর্থিত সূত্ৰৰ মতে, মহিলাগৰাকী বা তেওঁৰ পৰিয়ালে এই সন্দৰ্ভত কোনোধৰণৰ গোচৰ ৰুজু কৰিবলৈ ইচ্ছুক নহয় বুলি জানিব পৰা গৈছে। গড়চুক থানাই এই সন্দৰ্ভত নিজাববীয়াকৈ ৪১২/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।