ডিব্ৰুগড়ত আজিৰে পৰা আৰম্ভ খেল মহাৰণ ২.০ ৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰি ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলাই তুলিবলৈ অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত পুনৰ অনুষ্ঠিত হৈছে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ ২.০ ৰ। এই উদ্দেশ্যৰে ডিব্ৰুগড় বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ ২.০ৰ আজি (১২-১২-২৪)মানকটা পূজা খেলপথাৰত শুভ-উদ্বাধন কৰে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। এই শুভ-উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰ্য্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা০ সৈকত পাত্ৰ, জিলা আৰক্ষী অধীক্ষক ভি.ভি ৰাকেশ ৰেড্ডী, অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদ, জিলা ক্ৰীড়া বিষয়া চেমী শইকীয়া প্ৰমুখ্যে ক্ৰীড়া ক্ষেত্ৰত জড়িত বহুতা গণ্যমান্য ব্যক্তি তথা ডিব্ৰুগড় বিধানসভা সমষ্ঠিৰ অন্তৰ্গত সাতখন গাওঁ-প়ঞ্চায়ত আৰু ডিব্ৰুগড় পৌৰ এলেকাৰ ক্ৰীড়াবিদসকল উপস্থিত থাকে। ডিব্ৰুগড় বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ ২.০ৰ শুভ-উদ্বোধন কৰি বিভিন্ন শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিযোগীসকলক উদ্দেশ্যি জিলা আয়ুক্তই কয় যে, অসম চৰকাৰে খেল মহাৰণৰ জৰিয়তে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ সুদক্ষ খেলুৱৈ সকলৰ ক্ৰীড়া প্ৰতিভাৰ প্ৰদৰ্শনৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদানৰ ব্যৱস্থা কৰিছে। তেওঁ প্ৰতিগৰাকী খেলুৱৈকে একো একোজন সুদক্ষ খেলুৱৈ বুলি অভিহিত কৰি খেলুৱৈসকলক হৰা-জিকাৰ কথা চিন্তা নকৰি কেৱল উন্নতমানৰ খেল প্ৰদৰ্শন আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। তেওঁ খেলুৱৈসকলক নিজ নিজ ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে অনুশাসন আৰু নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ১৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হবলগীয়া ডিব্ৰুগড় বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ ২.০ ত আজি মানকটা পূজা খেলপথাৰত ১৭ বছৰৰ অনুৰ্দ্ধৰ লৰাৰ ফুটবল আৰু ১৬ বছৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালীৰ কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হব। ১৩ ডিচেম্বৰত ১৭ বছৰ উৰ্দ্ধৰ লৰা আৰু ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ ফুটবল প্ৰতিযোগিতা আৰু ২০ বছৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালীৰ কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হব। ১৪ ডিচেম্বৰত মানকটা পূজা খেলপথাৰত ১৭ বছৰ অনুৰ্দ্ধৰ আৰু উৰ্দ্ধৰ লৰা আৰু ছোৱালীৰ এথলেটিক্স ( ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰৰ দৌৰ আৰু লং জাম্প) প্ৰতিযোগিতা অনুষ্ঠিত হব। উক্ত দিনাই বৈৰাগীমঠস্থিত জালান আউটডৰ ষ্টেডিয়ামত ১৭ বছৰ উৰ্দ্ধৰ আৰু অনুৰ্দ্ধৰ লৰা আৰু ছোৱালীৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হব। ১৫ ডিচেম্বৰ তাৰিখে পুৱা ৫ বজাৰ পৰা ১৪ বছৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী লগতে ১৭ বছৰ অনুৰ্দ্ধৰ আৰু উৰ্দ্ধৰ লৰা আৰু ছোৱালীৰ চাইক্লিং প্ৰতিযোগিতা মানকটা পূজা খেলপথাৰৰ পৰা আৰম্ভ হৈ বৰবৰুৱা চাৰিআলিলৈকে আৰু বৰবৰুৱা চাৰিআলিৰ পৰা পুনৰ মানকটা পূজা খেলপথাৰলৈকে অনুষ্ঠিত হব। ১৪ ডিচেম্বৰতে মাল্টি-পাৰপজ ইনডৰ ষ্টেডিয়ামত ডবা খেল প্ৰতিযোগিতা অনুষ্ঠিত হব।