চানডুবিৰ বিষ্ণুৰাভা যুৱ সংঘৰ সোণালী জয়ন্তীৰ শীৰ্ষ সংগীত মুকলি
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ঐতিহাসিক অন্যতম পৰ্যটন ক্ষেত্ৰ চানডুবি বিলখনৰ পাৰৰ ৰাজাপাৰা গাৱঁৰ যুৱ শক্তিৰ প্ৰতীক স্বৰূপ ৰাজাপাৰা বিষ্ণুৰাভা যুৱ সংঘ ৷ উক্ত ঐতিহাসিক যুৱ সংঘটোৱে সময়ৰ ডেউকা কোবাই সোণালী জয়ন্তীবৰ্ষত ভৰি দিছে। সেয়ে ২০২৫ বৰ্ষৰ ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তীবৰ্ষ উদযাপনৰ দিহা কৰিছে ৷ তেনেক্ষেত্ৰত উক্ত সোণালী জয়ন্তীৰ শীৰ্ষ সংগীত এটি যোৱা ৩ ডিচেম্বৰত আনুষ্ঠানিকভাবে মুকলি কৰে যুৱ সংগঠনটোৱে ৷ এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে ডাঃ গুনমণি ৰাভাৰ কথা আৰু সুৰেৰে সজাই তোলা সুমধুৰ শীৰ্ষ সংগীতটো মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমুদ্ৰ চন্দ্ৰ ৰাভাই ৷ উক্ত অনুষ্ঠানটিত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰাতুল চন্দ্ৰ ৰাভা, সম্পাদক প্ৰাঞ্জল ৰাভাৰ লগতে যুৱ সংঘৰ সভাপতি মহেশ্বৰ ৰাভা, সম্পাদক সন্তুৰাম ৰাভাৰ উপৰি সমাজকৰ্মী শুক্লেশ্বৰ ৰাভা তথা গাওঁ প্ৰধান নীলাম্বৰ ৰাভাকে ধৰি সংঘৰ সদস্য সদস্যা সকল উপস্থিত আছিল ৷