আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সফল সামৰণি

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানত অনুষ্ঠিত চাৰিদিনীয়া ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দশম সংস্কৰণৰ সামৰণি পৰে। মহোৎসৱৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱে দেশৰ ভৱিষৎ নির্মাণত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰধান ভূমিকাক গুৰুত্ব আৰোপ কৰি ভাৰতীয় বিজ্ঞানীসকলৰ উল্লেখনীয় সাফল্য উপস্থাপন কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানক জনপ্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰা এই বৃহৎ অনুষ্ঠান অসমত আয়োজন কৰাৰ বাবে তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মহোৎসৱৰ লগত জড়িত সকলো অনুষ্ঠান-প্রতিষ্ঠানকে এই বৃহৎ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ ড° এছ সোমনাথকে ধৰি দেশৰ আগশাৰীৰ বিজ্ঞানীসকলৰ লগত মত বিনিময় কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে আৰু এই মহোৎসবে ছাত্র-ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতাৰ উত্তৰণত যথেষ্ট অৰিহণা যোগাইছে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ কাৰণে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও চমু অৱলোকন কৰে। ৰাজ্যখনৰ প্রতিটো উন্নয়ন খণ্ডক সামৰি ২১৯টা বিজ্ঞান কেন্দ্ৰ স্থাপনৰ অন্তত এতিয়া প্রতিখন জিলাতো বিজ্ঞান কেন্দ্র স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে জিলাভিত্তিক পাঁচটা বিজ্ঞান কেন্দ্র ইতিমধ্যে কার্যক্ষম হৈ উঠিছে আৰু আন ১৭টা কেন্দ্ৰ নিৰ্মাণৰত অৱস্থাত আছে। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই অঞ্চলটোত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪-এ সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব আৰু অসম চৰকাৰ এই বৃহৎ আয়োজনৰ অংশীদাৰ হ’বলৈ পাই গৌৰৱান্বিত বুলিও তেওঁ উল্লেখ কৰে। সামৰণী অনুষ্ঠানত আদৰণী ভাষণত চিএছআইআৰ-নেচনেল ইনষ্টিটিউট ফৰ ইন্টাৰডিছিপ্লিনেৰী ছায়েঞ্চ এণ্ড টেকন’লজী (CSIR-NIIST)ৰ সঞ্চালক তথা ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ মুখ্য সমন্বয়ক ড° চি আনন্দৰামকৃষ্ণনে কয় যে এই চাৰিদিনীয়া বর্ণাঢ্য মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ ৭,০০০ পঞ্জীয়নকৃত প্রতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে ৪৫,০০০ৰ অধিক লোকে এই মহোৎসৱৰ সাক্ষী হয়। অসমৰ সক্রিয় অংশগ্ৰহণৰ শলাগ লৈ ড° চি আনন্দৰামকৃষ্ণনে ৰাজ্যখনৰ ৩৯টা স্টার্ট আপে প্রদর্শনীত ভাগ লৈ নিজ নিজ সামগ্রী প্রদর্শন কৰিছে বুলিও উল্লেখ কৰে। সভাপতিৰ আসনৰ পৰা ভাষণত ডিএছআইআৰৰ সচিব আৰু চিএছআইআৰৰ সঞ্চালকপ্ৰধান ড° এন কলাইচেলভিয়ে চিএছআইআৰক এই মহোৎসৱৰ আয়োজন কৰিবলৈ সুযোগ দিয়াৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রালয়ক ধন্যবাদ জনায়। তেওঁ ভাষণ প্রসংগত কৃতজ্ঞতাৰে অসম চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জনাই চিএছআইআৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তা অনুসৰি বিজ্ঞান প্রকল্প গ্রহণত গুৰুত্ব আৰোপ কৰিব বুলিও প্রতিশ্রুতি দিয়ে। সভাত চিএছআইআৰ-নৰ্থ ইষ্টার্ন ইনষ্টিটিউট অব ছায়েঞ্চ এণ্ড টেকন’লজী (CSIR- NEIST)ৰ সঞ্চালক ড° ভি এম তিৱাৰী, ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীৰ সহযোগী ডীন অধ্যাপক সুভেন্দু শেখৰ বাগেও কৃতজ্ঞতাসূচক মন্তব্য আগবঢ়ায়। অনুষ্ঠানত প্রসিদ্ধ লেখক সুনীল আম্বেদকাৰো উপস্থিত থাকে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞান ভাৰতীৰ সচিবপ্ৰধান পি এ বিবেকানন্দ পায়ে। সামৰণী অনুষ্ঠানত মহোৎসৱৰ বিভিন্ন শিতানৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। ইয়াৰে বিজ্ঞান, প্রযুক্তিবিদ্যা, প্ৰতিৰক্ষা আৰু মহাকাশ প্রদর্শনী শিতানত জুৰিৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে বড়োলেণ্ড বিশ্ববিদ্যালয়, অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল বিছাৰ্চে। আনহাতে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা আৰু ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠানলৈ শ্রেষ্ঠ প্রযুক্তি পেভিলিয়ন বঁটা, অসম চৰকাৰৰ বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু ভূপালস্থিত মধ্য প্রদেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ আৰু ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীলৈ শ্রেষ্ঠ ইন্টাৰেক্টিভ পেভিলিয়ন বঁটা, নেচনেল কাউঞ্চিল অৱ ছায়েঞ্চ মিউজিয়াম আৰু পৃথিৱী বিজ্ঞান মন্ত্রালয়ৰ নেচনেল চেণ্টাৰ ফৰ প’লাৰ এণ্ড অ’চেন বিছাৰ্চলৈ শ্রেষ্ঠ কনচেপছুৱেললৈ পেভিলিয়ন বঁটা আগবঢ়োৱা হয়। সামগ্রিকভাৱে প্রদর্শনীৰ শ্ৰেষ্ঠ পেভিলিয়নৰ বঁটা লাভ কৰে বায়’টেকন’লজী বিভাগ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগ আৰু বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদে। মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিজ্ঞান আৰু প্ৰযুক্তি হেকাথনৰ স্নাতক পৰ্যায়ৰ শাখা আৰু একাদশ শ্রেণী পর্যন্ত শাখাৰ বিজয়ীসকলকো সামৰণী অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হয়।