ব্যতিক্ৰমী শিশু আৰু সমাজ
( ৩ ডিচেম্বৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে)
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
শিশু সকল হৈছে দেশৰ ভৱিষ্যত। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশে এজন শিশুক সুনাগৰিক কৰি গঢ়ি তোলাত সহায় কৰে। এইখিনিতে প্ৰশ্ন হয় আমাৰ সমাজৰ সকলো শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ একেদৰে একে সময়তে হয় নে? নিশ্চয় নহয়! কোনো কোনো ক্ষেত্ৰত কিছুমান কাৰকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশক বাধা দিয়ে। অৰ্থাৎ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত এজন মানুহৰ প্ৰকৃতি প্ৰদত্ত সামৰ্থৰ হীন দেৰিক ‘বিশেষভাৱে সক্ষম’ শ্ৰেণীত ধৰা হৈছে। কিয়নো তেওঁলোকে কোনো এটা বিশেষ দিশত পাৰদৰ্শিতাৰ দেখুৱাবলৈ সক্ষম হয়। বৰ্তমান বিশেষভাৱে সক্ষম লোকসকলক বুজাবলৈ দিব্যাংগ শব্দটো ব্যৱহাৰ কৰা হৈছে।
প্ৰতি বছৰে দিব্যাংগ লোকসকলৰ অধিকাৰ আৰু কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ৩ ডিচেম্বৰত আন্তঃজাৰ্তিক দিব্যাংগ ব্যক্তিৰ দিৱস (IDPD)পালন কৰা হয়। ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ দ্বাৰা পালন কৰা এই দিৱসৰ মূল উদ্দেশ্য হৈছে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিটো দিশতে দিব্যাংগ ব্যক্তিসকলক মৰ্যদা প্ৰদান কৰা, অধিকাৰ আৰু কল্যাণৰ হকে কাম কৰা। দিৱসটোৰ লগত সংগতি ৰাখি প্ৰতি বছৰে একোটা বিশেষ বিষয় ওপৰত গুৰুত্ব প্ৰদান কৰি বছৰটোৰ বাবে কাৰ্যপ্ৰণালী গ্ৰহণ কৰে।২০২৪ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ বিষয়বস্তু হৈছে ‘Amplifying the leadership of persons with disabilities for an inclusive and sustainable future.’ বহনক্ষম ভৱিষ্যত আৰু অন্তৰ্ভুক্তিৰ বাবে দিব্যাংগ ব্যক্তিসকলক বহলভাৱে নেতৃত্ব প্ৰদান কৰা বিষয়টোক গুৰুত্ব দিয়া হৈছে।
সমগ্ৰ বিশ্বতে প্ৰায় ১ বিলিয়নতকৈয়ো অধিক লোকে যেইকোনো ধৰণৰ শাৰীৰিক আৰু মানসিক সক্ষমতাৰ সৈতে অভিযোজন কৰিব লগাত পৰিছে। তেওঁলোকৰ সমস্যা সমূহ যাতে সদায় সমস্যা হৈয়ে নৰয় তাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। একবিংশ শতিকাত অন্যভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সুবিধা থকাতো বাঞ্ছনীয় কৰা হৈছে। চৰকাৰে সকলো ক্ষেত্ৰতে ৩% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।২০০৬ চনত অনুষ্ঠিত হোৱা United Nations Conventions on the Right Person with Disability (UN-CRPD) শীৰ্ষক আলোচনাত প্ৰতিবন্ধকতাৰ ধাৰণা বহুখিনি উন্নত দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে। UN-CRPD এ এই সকল লোকৰ বাবে বাধাহীন পৰিবেশ Barrier Free Environment অতীব প্ৰয়োজনীয় বুলি বিবেচনা কৰিছে। লগতে তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, সংস্থাপন, সামাজিক স্বীকৃতি আদি নানান ধৰণৰ ব্যৱস্থাৰ উন্নতিকৰণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
২০১১ চনৰ লোকপিয়ল অনুযায়ী ভাৰতত প্ৰায় ২ কোটি ৬৮ লাখ দিব্যাংগ লোক আছে। ভাৰতৰ সামাজিক ন্যায় আৰু অধিকাৰ মন্ত্ৰালয়ে এই বিষয়ত বিভিন্ন আঁচনি ঘোষণা কৰিছে। এই সকলৰ বিশেষ পাৰদৰ্শিতাৰ বাবে প্ৰতি বছৰে বিভিন্ন শিতানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ভাৰত চৰকাৰে শতকৰা চল্লিশ ভাগতকৈ অধিক অক্ষমতা সম্পন্ন দিব্যাংগ লোকৰ বাবে চৰকাৰী চাকৰি আৰু চৰকাৰী সাহায্য প্ৰাপ্ত শিক্ষানুষ্ঠানত তিনি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ভাৰতৰ ৰে’লৱেৰ তৰফৰ পৰা শাৰীৰিক আৰু মানসিক দুই ধৰণৰ বাধাগ্ৰস্থ সকলৰ বাবে ৰে’ল ভ্ৰমণত সংৰক্ষণ ব্যৱস্থা কৰিছে। প্ৰতিখন ৰেʼলতে এনে ব্যক্তিৰ বাবে নিম্ন শয়ন শ্ৰেণীত দুখনকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে টিকটত ৰেহাইৰ ব্যৱস্থা কৰিছে।
দিব্যাংগ সকলৰ অধিকাংশৰ লগতে জড়িত হৈ আছে দৰিদ্ৰতা। উপযুক্ত খাদ্যপ্ৰাণৰ অভাৱ এই সকল লোকৰ উমৈহতীয়া সমস্যা। চৰকাৰে এনে ছাত্ৰ ছাত্ৰীক জলপানি দিয়া ৰ ব্যৱস্থা কৰিছে।এই সকলোখিনিয়েই অনুপ্ৰেৰণা মূলক পদক্ষেপ।
চৰকাৰী সা-সুবিধাৰ থকাৰ পিছতো এনে শিশু সকলৰ কোনো কোনোৱে সমাজ , বিদ্যালয়,লগৰ সমনীয়া আদিৰ দ্বাৰা অৱহেলিত হোৱা দেখা যায়। কিন্তু এনে শিশু সকল দুৰ্ভগীয়া নেকি? নে তেওঁলোকৰ অভিভাৱক সকল? আমাৰ দৃষ্টিত সেইসকল অভিভাৱক সৌভাগ্যৱান। কিয়নো তেওঁলোকে আন এখন জগতৰ শিশুৰ লগত পৰিচিত। তেতিয়া হ’লে এনে সন্তানক অভিভাৱক সকলে কেনেদৰে আগুৱাই নিব? প্ৰথমে ক’বলৈ গ’লে অভিভাৱক সকলৰ ধৈৰ্য লাগিব। আশাবাদী হ’ব লাগিব। সন্তানটোৰ সমস্যা সমুহৰ লগত একাত্ম হৈ মানি ল’ব লাগিব।আন শিশুৰ সৈতে তুলনা কৰিব নালাগিব।বন্ধ কোঠাত আবদ্ধ নকৰি মুকলি মনেৰে থাকিবলৈ সুবিধা প্ৰদান কৰিব লাগিব।সম্ভব হ’লে সামাজিক অনুষ্ঠানত জড়িত কৰাব লাগে।যিহেতু সেই সকল শিশুৰ বুদ্ধিমত্তাৰ বিসংগতি থাকিব পাৰে বা থাকে সেয়ে শিক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় শিক্ষা বা বিশেষ কৌশল প্ৰয়োগ কৰিব লগাত পৰে। শিশুটিক সদায় উৎসাহিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। বৰ্তমান এনে শিশুক বিশেষভাৱে সক্ষম শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে। গতিকে এই সকল অক্ষম নহয়। একোটা বিশেষ বিষয়ত পাৰদৰ্শিতা দেখুওৱা পৰা সামৰ্থ্য থাকে। সেয়ে অভিভাৱকৰ প্ৰধান কৰ্তব্য হৈছে সন্তানৰ সক্ষমতা টো বিচাৰি উলিওৱা। প্ৰয়োজন সাপেক্ষে বৰ্তমান জনপ্ৰিয় হৈ পৰা DMIT অৰ্থাৎ Dermatoglyphics Multiple Intelligent Test কৰাই সন্তানৰ সক্ষমতা টো বিচাৰি উলিয়াব পাৰি। মুঠতে যিকোনো প্ৰকাৰে এনে সন্তানক নিজৰ ভৰি থিয় দিব পৰা কৰিবলৈ চেষ্টা কৰাৰ ক্ৰুটি কৰিব নালাগে।
এনে শিশু সকল মৰম আকলুৱা হয়। তেওঁলোকে নিজেও আনক মৰম কৰে আৰু সেইদৰে আনৰ পৰাও মৰম বিচাৰে। সেয়ে এনে শিশু ক খং নকৰি মৰমেৰে বুজাব লাগে। এনে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম। সেয়ে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হোৱা দৰকাৰ।
এনে শিশুৰ প্ৰতি সমাজখন কেনেদৰে দায়ৱদ্ধ হ’ব? সমাজে তেওঁলোকক অৱহেলা কৰিব নালাগিব। তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্টক লৈ উপলুঙা, ঠাট্টা মস্কৰা কৰিব নালাগিব । পৰাপক্ষত সমাজৰ তেনে নিন্দুক ব্যক্তিৰ পৰা অভিভাৱকে সন্তানক আঁতৰাই ৰাখিব লাগে। দিব্যাংগ সন্তানকো আন সকলৰ লগত একে বিদ্যালয়ত পঢ়াব লাগে।লগৰ আন আন বন্ধু বান্ধৱীৰ পৰা এনে শিশুৱে বহু কথা আয়ত্ব কৰিব পাৰে। সদৌ শেষত এনে শিশু যাতে কাৰো পুতৌপাত্ৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সহমৰ্মিতাৰে হাতে হাত ধৰি আগুৱাই যোৱাত সহায়ৰ হাত আগবঢ়াব লাগে।সমাজত সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। আমি সেই কথালৈ গুৰুত্ব দিয়া আমাৰ কৰ্তব্য।