৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ
প্ৰস্তুতিৰ অংশ হিচাপে দৰঙৰ জিলা আয়ুক্তৰ সংবাদমেল
মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰেক্ষাপটত ৰাজ্যৰ সকলো জনস্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন সম্পন্ন কৰাৰ বাবে বিগত দুটা বছৰৰ দৰে তৃতীয় বাৰৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰিব স্বাস্থ্য সেৱা উৎসৱ। চিকিৎসা মহাবিদ্যালয়ক বাদ দি চৰকাৰী খণ্ডৰ চিকিৎসালয় যেনে- জিলা চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত এই মূল্যায়ন অনুষ্ঠিত হব। ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰ,২০২৪ লৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা উৎসৱৰ দিন ধাৰ্য কৰা হৈছে। দৰঙত এই উৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে ২৯ নবেম্বৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে কয় যে, জিলাখনত সৰ্বমুঠ ৪৭ খন চিকিৎসালয়ত স্বাস্থ্যসেৱা উৎসৱৰ সময়ত মূল্যায়ন বাবে সামৰি লোৱা হৈছে । ইয়াৰে এখন জিলা চিকিৎসালয়, ৭ খন সামূহিক স্বাস্থ্য কেন্দ্ৰ পৰ্যায়ৰ চিকিৎসালয় ,৩৪ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ৫ টা আয়ুষ্মান আৰোগ্য মন্দিৰ তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা উৎসৱৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। তেওঁ লগতে কয় যে, মূল্যায়নৰ সময়ত প্ৰতিটো স্বাস্থ্যকেন্দ্ৰৰ সুবিধাৰ লগতে অসুবিধা সমূহো চিনাক্ত কৰা হ’ব। ইয়াৰ দ্বাৰা জিলাখনৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত ফলাফল লাভ কৰাত সহায় হ’ব বুলি জিলা আয়ুক্ত গৰাকীয়ে মত প্ৰকাশ কৰে। স্মৰ্তব্য যে, ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড নিৰূপণৰ বাবে “গুণোৎসৱ” কাৰ্যসূচী ৰূপায়ণ কৰি “সমগ্ৰ শিক্ষা অভিযানে গ্ৰহণ কৰা উত্তম পদ্ধতিৰ প্ৰতিলিপি হিচাবে এই কাৰ্য্যসূচী স্বাস্থ্য বিভাগটো গ্ৰহণ কৰিছে অসম চৰকাৰে। ইতিমধ্যে “স্বাস্থ্য সেৱা উৎসৱ-১ম পৰ্যায়” আৰু “স্বাস্থ্য সেৱা উৎসৱ-দ্বিতীয় পৰ্যায়” ক্ৰমে ৬ তাৰিখৰ পৰা ৮ এপ্ৰিল, ২০২৩ আৰু ২০ৰ পৰা ২২ নৱেম্বৰ, ২০২৩ তাৰিখলৈ সেৱা প্ৰদানকাৰী আৰু সেৱা প্ৰদানৰ মানৰ মূল্যায়নৰ বাবে এই উৎসৱ অনুষ্ঠিত হৈ গৈছে। সংবাদমেলত আয়ুক্ত গৰাকীয়ে এই অনুষ্ঠান জিলাখনত সফলভাৱে ৰূপায়ন কৰাৰ বাবে সাংবাদিক সকলৰ পৰা সহায় সহযোগিতা আহ্বান কৰে।উল্লেখ্য যে, এই কাৰ্যসূচীত ৰাজ্যখনৰ সকলো মন্ত্ৰী, সাংসদ, বিধায়কে অংশগ্ৰহণ কৰিব। আনকি ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ আই এ এছ, আই পি এছ, আই এফ এছ, এ চি এছ আদি জ্যেষ্ঠ বিষয়াকো মূল্যায়নৰ বাবে বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছে অসম চৰকাৰে।