কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে গুৱাহাটীত বাৰ্তালাপ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে গুৱাহাটীত বাৰ্তালাপ

ৰঙিলী বাৰ্ত্তাসেৱা- চাহ উদ্যোগৰ সৈতে জড়িত উৎপাদক সন্থা, শ্ৰমিক সন্থা আৰু ক্ৰেতা সন্থাসমূহে কালি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীপীয়ুষ গোৱেলৰ সৈতে গুৱাহাটীত এক বাৰ্তালাপত মিলিত হয়৷ অংশীদাৰসকলে উদ্যোগটোৱে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰাজি, প্ৰত্যাহ্বান আদি উপস্থাপন কৰিবলৈ সুযোগ লাভ কৰে৷ এই অনুষ্ঠানে আগন্তুক সময়ত চাহ উদ্যোগটোক এক নতুন গতি দিয়াৰ দিশত উল্লেখনীয় অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷উল্লেখ্য যে, প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বাজেটত চাহ শ্ৰমিকৰ বাবে যি ১ হাজাৰ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰিছিল, সেই ধনৰাশিৰ অসমৰ অংশ হিচাপে প্ৰায় ৪০০ কোটি টকা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীপীয়ুষ গোৱেলে অনুমোদন জনাইছে ৷ এই ধনৰাশি ৰাজ্যখনে এই বৰ্ষতে লাভ কৰিব আৰু ৰাজ্যৰ চাহ শ্ৰমিকৰ স্বাস্থ্য আৰু শিক্ষাৰ দিশত ধনখিনি ব্যৱহাৰ কৰা হ’ব ৷ এনে সহায়-সহযোগিতাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷