স্পৰ্শ – আয়ুস্মান গগৈ

স্পৰ্শ
আয়ুস্মান গগৈ
স্পৰ্শতো মোক বহুতে কৰিছে,
কিন্তু শিহৰণ তুমি চুলেহে উঠে।
কিতাপৰ মাজতে সাঁচি থৈছিলোঁ
তুমি দিয়া ফুলপাহ,
মেলি চালোঁ, আজিও তাত
তোমাৰেই সুগন্ধ আছে।