পকা ধানে ৰিঙিয়াই মাতে – আয়নাল হক

Pc Shutterstocks
পকা ধানে ৰিঙিয়াই মাতে
আয়নাল হক,ধুবুৰী 
সোণপাহি,
তাতখন সোনকালে ব
কাতিৰ দিন যাওঁ যাওঁ
পাবহিয়েই এতিয়া আঘোণ।
সোণপাহি,
পথাৰখন চাই আহিবিগৈ আজি
তোৰ, মোৰ পৰিশ্ৰম
এইবাৰ অথলে নগ’ল।
লাহি ধানৰ পকা থোকে
হালি-জালি নাচি আছে।
পথাৰলৈ গ’লে দেখোন
মন নাযায় ঘূৰিবকে।
সোণপাহি,
ভাজি থৈছনে পিঠা-গুৰি ?
জাহাজী কলৰ থোক দুটা পূৰঠ হ’ল
কাটিব লাগিব দুই-এদিনতে।
খাম আমি কল-পিঠাৰ লাড়ু
চাহৰ লগতে।
সোণপাহি,
ভঁৰালটো চিকুণালিনে ?
গোবৰ-মাটিৰে লেপিবি এবাৰ।
ধান বেছিকৈ পালে
মাঘ বিহুটিও পাতিম উলহ-মালহেৰে–
বিহু জানো আমাৰ কম আদৰৰ ?