কৃতী শিক্ষক তথা সুদক্ষ ক্ৰীড়া সংগঠক নন্দেশ্বৰ দাসৰ বিয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, সমাজকর্মী তথা সুদক্ষ ক্ৰীড়া সংগঠক, ভালুকী নিবাসী নন্দেশ্বৰ দাসৰ মঙলবাৰে নিশা বার্ধক্যজনিত ৰোগত ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়। ১৯৩০ চনত জন্মগ্রহণ কৰা নন্দেশ্বৰ দাসে ১৯৫৭ চনত পাটাছাৰকুছি বিদ্যাপীঠত শিক্ষক হিচাপে যোগদান কৰি ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰিছিল।ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰয়াত দাস অতি জনপ্ৰিয় আছিল ৷ এগৰাকী সমাজকৰ্মী হিচাপেও প্ৰয়াত দাসে বিভিন্ন অনুষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছিল ৷মৃত্যুৰ সময়ত দাসে চাৰি পুত্ৰ আৰু তিনিগৰাকী জীয়ৰীক এৰি থৈ যায়। নন্দেশ্বৰ দাসৰ মৃত্যুত গৃহগাঁও ভালুকীকে ধৰি পাটাছাৰকুছি অঞ্চলত শোকৰ ছাঁ পৰিছে। কৃতী শিক্ষক, সমাজকর্মী নন্দেশ্বৰ দাসৰ মৃত্যুত পাটাছাৰকুছি বিদ্যাপীঠ, পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষার্থী সম্মিলন, পাটাছাৰকুছি শাখা সাহিত্য সভা, ভালুকী সেৱক সংঘ, ভালুকী কল্পনা ক্লাব, ভালুকী সার্বজনীন জগদ্ধাত্রী পূজা সমিতি, ভালুকী কেন্দ্রীয় ৰগুলী বিহু সম্মিলনী, ভালুকী গাঁওৰক্ষী বাহিনী, ভালুকী মহিলা গাঁওৰক্ষী বাহিনী, নৱদ্বীপ, ভালুকী হাইস্কুল, ভালুকী গৰখীয়া গোসাঁই ঘৰ পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে। আজি পুৱা ভালুকীৰ বাসভৱনত এক শোকাকুল পৰিৱেশত দাসৰ নশ্বৰদেহত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।